অসম

assam

ETV Bharat / entertainment

Vidyut Jammwal Birthday: সিদ্ধাৰ্থ শুক্লাৰ বাইক লৈ প্ৰেমিকাক ডেট কৰিবলৈ গৈছিল এইজন অভিনেতা - বিদ্যুৎ জামৱাল

বিদ্যুৎ জামৱালৰ জন্মদিনত আমি আপোনালোকক জনাম তেওঁ কিদৰে প্ৰয়াত অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ অতিকে ঘনিষ্ঠ আছিল তেওঁ আৰু সিদ্ধাৰ্থই তেওঁৰ বন্ধু বিদ্যুৎ জামৱালক সহায় কৰিবলৈ সদায় কেনেদৰে প্ৰস্তুত থাকিছিল ৷

Vidyut Jammwal
বিদ্যুৎ জামৱাল

By

Published : Dec 10, 2022, 7:08 PM IST

চিটাৰা ডেস্ক, 10 ডিচেম্বৰ : বলীউডৰ এক্সন হিৰ’ আৰু প্ৰকৃতাৰ্থত ষ্টাণ্ট কৰা অভিনেতা বিদ্যুৎ জমৱালে 10 ডিচেম্বৰত তেওঁৰ 42 সংখ্যক জন্মদিন উদযাপন কৰে (Vidyut Jammwal age) । 1980 চনত জম্মুত জন্মগ্ৰহণ কৰিছিল অভিনেতা গৰাকীয়ে । মাত্ৰ তিনি বছৰ বয়সৰ পৰাই বিদ্যুতে যুদ্ধ কলা শিকিবলৈ আৰম্ভ কৰিছিল । আজি তেওঁ বলীউডৰ এজন পাকৈত সমৰকলাবিদ । বিদ্যুতৰ দেউতাক সেনাবাহিনীত আছিল । সেনাবাহিনীৰ পৰিয়ালৰ পৰা অহা বিদ্যুৎ চিনেমাত যুঁজৰ দৃশ্য আৰু বিপদজনক ষ্টাণ্টৰ বাবে বিখ্যাত । বিদ্যুতৰ বিষয়ে আৰু এটি বিশেষ কথা জনাওঁ যে প্ৰয়াত অভিনেতা তথা বিগ বছ বিজয়ী সিদ্ধাৰ্থ শুক্লা তেওঁৰ বিশেষ বন্ধু আছিল ।

মডেলিঙৰ দিনত বিদ্যুৎ আৰু সিদ্ধাৰ্থ সংস্পৰ্শলৈ আহিছিল ৷ বিশেষ বন্ধুত্ব গঢ় লৈ উঠিছিল দুয়োৰে মাজত । কেৱল এয়াই নহয়, দুয়োজনে একেলগে জিমো কৰিছিল । তেওঁলোকৰ ঘৰুৱা আহ-যাহো আছিল । প্ৰাপ্ত খবৰ অনুসৰি বিদ্যুতে প্ৰেয়সীক ডেটিঙলৈ নিবলৈ সিদ্ধাৰ্থৰ পৰা বাইক বিচাৰি নিছিল । বিদ্যুতে কয় যে সিদ্ধাৰ্থ তেওঁৰ ভায়েক নে বন্ধু সেইটো তেওঁ কেতিয়াও গমেই পোৱা নাছিল, কাৰণ সিদ্ধাৰ্থ সদায় তেওঁক সহায় কৰিবলৈ সাজু আছিল ।

বিদ্যুতে কয় যে যেতিয়াই তেওঁ সিদ্ধাৰ্থৰ পৰা বাইক আনিবলৈ যায় তেতিয়াই সিদ্ধাৰ্থৰ মাকে তেওঁক হেলমেটটো হাতত দি দিয়ে । ইফালে সিফালে ঘূৰি ফুৰাৰ উপৰিও বিদ্যুতে বন্ধু সিদ্ধাৰ্থৰ বাইকখন শ্বুটিং চেটলৈও লৈ গৈছিল ।

বিদ্যুতৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁ 2011 চনত তেলুগু ছবি ‘শক্তি’ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে । সেই বছৰতে তেওঁ বলীউডত অভিষেক ঘটায় ‘ফৰ্চ’ ছবিৰ জৰিয়তে । বিদ্যুতক শেহতীয়াকৈ বাবে দেখা গৈছিল ‘খুদা হাফিজ: অধ্যায়-2- অগ্নি পৰীক্ষ’ (2022) ছবিখনত । বিদ্যুতৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে ‘আই বি 7’, ‘শ্বেৰ সিং ৰানা’ আৰু ‘ক্ৰেক’ । শেহতীয়াকৈ ‘ক্ৰেক’ ছবিখনৰ কথা ঘোষণা কৰিছিল বিদ্যুতে ।

লগতে পঢ়ক :সুশান্তৰ মৃত্যুৰ দুবছৰৰ পিছত কাৰ আগমণ ঘটিল ৰিয়া চক্ৰৱৰ্তীৰ জীৱনলৈ

ABOUT THE AUTHOR

...view details