অসম

assam

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 6:28 PM IST

ETV Bharat / entertainment

Vidya Balan: এটি কন্যা সন্তানৰ মাতৃ নেকি বিদ্যা বালন ? এই সন্দৰ্ভত মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে

শেহতীয়াকৈ বিদ্যা বালানৰ এগৰাকী কণমানি কন্যাৰ সৈতে এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৷ ইয়াৰ পিচতে কন্যাজনীক বিদ্যাৰ কন্যা বুলি কোৱা হৈছিল ৷ এতিয়া এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰিছে ৷

Vidya Balan breaks silence on claims of having 'daughter' after video of her with young girl goes viral
বিদ্যা বালনে পৃথিৱীৰ পৰা লুকুৱাই ৰাখিছে নেকি নিজৰ কন্যা সন্তানক

চিটাৰা ডেস্ক, 9 অক্টোবৰ: এগৰাকী কন্যাৰ মাতৃ নেকি বিদ্যা বালান ? নিজৰ জীয়েকক বিশ্ববাসীৰ পৰা লুকুৱাই ৰাখিছিল নেকি অভিনেত্ৰীগৰাকীয়ে ? যদি লুকুৱাই ৰাখিছে তেন্তে কিয় লুকুৱাই ৰাখিছে ? হয়, এইসমূহ প্ৰশ্ন এতিয়া ছ’চিয়েল মিডিয়াত উত্থাপন কৰিছে নেটিজেনে ৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত চলি আছিল চৰ্চা । দৰাচলতে এই সকলোবোৰ আৰম্ভ হৈছিল যেতিয়া ৪৪ বছৰীয়া অভিনেত্ৰীগৰাকীক বিমানবন্দৰত এগৰাকী কণমানি ছোৱালীৰ সৈতে দেখা গৈছিল । ছোৱালীজনীৰ সৈতে অভিনেত্ৰীগৰাকীৰ বিমানবন্দৰৰ ভিডিঅ’ পোষ্ট কৰি পেপছে লিখিছিল, “বিদ্যা তেওঁৰ মৰমলগা কন্যাৰ সৈতে”।

ইয়াৰ ঠিক পিচতেই অভিনেত্ৰীগৰাকীৰ গোপন কন্যাৰ উৰাবাতৰি ছ’চিয়েল মিডিয়াত বিয়পিবলৈ লয় ৷ এতিয়া এই উৰাবাতৰিৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে নিজেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে এই ছোৱালীজনীৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছে ৷

কন্যা সন্তানৰ উৰাবাতৰিৰ সন্দৰ্ভত মৌনতা ভংগ কৰিলে বিদ্যা বালনে

শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰী বিদ্যা বালানে কন্যা সন্তানৰ উৰাবাতৰিক লৈ নিজৰ মৌনতা ভংগ কৰে । বিদ্যা বালানে কয়, "তাই মোৰ ভগ্নীৰ ছোৱালী ইৰা ! মোৰ ভগ্নীৰ যমজ সন্তান আছে । এটা ল’ৰা ৰুহান আৰু আনজনী ছোৱালী ইৰা ।" বিদ্যাৰ এই প্ৰকাশৰ পিছত স্পষ্ট হৈ পৰিছে যে অভিনেত্ৰীগৰাকীৰ কোনো গোপন কন্যা নাই ৷ লগতে অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘ ইৰা মোৰ কন্যা নহ’লেও, ইৰাক মই মোৰ কন্যা হিচাপেই মৰম কৰো ৷ ঠিক তেনেদৰেই ৰুহানকো মৰম কৰো ৷ ’’

উল্লেখ্য যে বিদ্যা বালনৰ বিবাহ চলচ্চিত্ৰ নিৰ্মাতা সিদ্ধাৰ্থ ৰায় কাপুৰৰ সৈতে হৈছে । বিবাহৰ ১১ বছৰ হ’ল যদিও বিদ্যাই এতিয়াও লাভ কৰা নাই মাতৃত্বৰ সুখ ৷

বিদ্যা বালনৰ ৱৰ্কফ্ৰন্ট

বিদ্যাৰ পেছাদাৰী জীৱনৰ কথা ক’বলৈ গ’লে বিদ্যা বালনক শেষবাৰৰ বাবে দেখা গৈছিল ছবিগৃহত মুক্তি পোৱা ছবি ‘নিয়ত’ত । এই ছবিখনত তেওঁ এগৰাকী চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছিল । অতি সোনকালে অভিনেত্ৰীগৰাকীক দেখা যাব ‘লাভাৰ্ছ’ ছবিখনত, য’ত ইলিয়ানা ডিক্ৰুজ আৰু প্ৰতীক গান্ধীকো অভিনয় কৰা দেখা যাব ৷

লগতে পঢ়ক:Ganapath Trailer: পৃথিৱীখন সলনি কৰিবলৈ আহি আছে গণপত, চাওক গণপতৰ আকৰ্ষণীয় ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details