অসম

assam

ETV Bharat / entertainment

ছেম বাহাদুৰৰ প্ৰশংসাত পঞ্চমুখ বহু চেলিব্ৰিটি

Celebs on Sam Bahadur : বিকি কৌশল অভিনীত ছবি ছেম বাহাদুৰ ছবিগৃহত মুক্তি পালে । দৰ্শকৰ লগতে চেলিব্ৰিটিসকলে ছবিখনক লৈ প্ৰকাশ কৰিছে নিজৰ মতামত । চাওক আহক কোন কোন চেলিব্ৰিটিয়ে ছবিখন লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 11:37 AM IST

Vicky Kaushal film Sam Bahadur released in theaters, Watch Celebs Review on Sam Bahadur
মুক্তি পালে ছেম বাহাদুৰ

চিটাৰা ডেস্ক, ১ ডিচেম্বৰ: বলীউড অভিনেতা বিকি কৌশলৰ ছবি ছেম বাহাদুৰ আজি অৰ্থাৎ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে । ছবিখনে দৰ্শকৰ লগতে চেলিব্ৰিটিসকলৰ পৰাও বহুত ভাল সঁহাৰি লাভ কৰিছে । বৃহস্পতিবাৰে নিশা মুম্বাইত আয়োজন কৰা হয় ছবিখনৰ বিশেষ দৰ্শনী, য’ত বহু চেলিব্ৰিটি উপস্থিত থকা দেখা যায় । ইফালে ছবিখন চোৱাৰ পাচত আনকি বহু তাৰকাৰ চকুলো বৈ আহে ।

অভিষেক বচ্চনে যোৱা নিশা ভাগিন অগস্ত্য নন্দৰ সৈতে ছেম বাহাদুৰৰ দৰ্শনীত উপস্থিত হৈছিল । ছবিখন চোৱাৰ পিচত অভিনেতাজনে ছবিখনৰ বিষয়ে লিখিছে - "যোৱা নিশা ছেম বাহাদুৰক চাইছিলো । ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্ব’ৱে যি কৰিলে, যি অৰ্জন কৰিলে তাকে লৈ বিশেষভাৱে আপ্লুত হৈছো । মোৰ প্ৰিয় মেঘনা গুলজাৰে যি সৌন্দৰ্যৰে ইয়াক দেখুৱালে সেয়া যথেষ্ট আচৰিত আছিল । ভাৰতৰ এজন মহান পুত্ৰৰ কাহিনী কোৱাৰ এয়া এটা ডাঙৰ দায়িত্ব আৰু আপুনি এই দায়িত্ব বহুত ভালকৈ পালন কৰিছে । মোৰ নায়ক বিকি কৌশলৰ বিষয়ে কি ক’ম...মই মাত্ৰ ক’ব পাৰো যে আপুনি আমাৰ বাবে এটা বেঞ্চ মাৰ্ক স্থাপন কৰিছে । ভাল কাম কৰিছে ৷ ’’

ইফালে ছাৰা আলী খানে তেওঁৰ ইনষ্টা ষ্ট’ৰীত লিখিছে - ‘‘চিনেমাখন চোৱাৰ পিচত মোৰ কোনো ভাষা নাই । বিকি কৌশলৰ ৰূপান্তৰ আচৰিত আছিল । সানা আৰু ফাতিমাইও ছবিখনত বহু সত্য আৰু গভীৰতা দেখুৱাইছে । ছবিখনৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ ।’’

ছেম বাহাদুৰকলৈ ছাৰা আলী খানৰ প্ৰতিক্ৰিয়া

কৰণ জোহৰে লিখিছে- তেওঁ হৈছে ছেম বাহাদুৰ আৰু তেওঁ নিজৰ কলাৰ বাবে পৰিপূৰ্ণ । শৰীৰৰ ভাষাৰ পৰা আৰম্ভ কৰি বিকিয়ে সকলো কথা অতি সুন্দৰকৈ চিত্ৰিত কৰিছে । এয়া বিকিৰ অন্যতম শ্ৰেষ্ঠ অভিনয় ।

ৰিতেশ দেশমুখে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে- এতিয়াও ছেম বাহাদুৰৰ যাদুৰ সৈতে যুঁজি আছো, বিকি কৌশল আপুনি এজন অতি ভাল অভিনেতা, মেঘনা গুলজাৰৰ এই ছবিখন মাষ্টাৰ ক্লাছ ।

অংগদ বেদীয়েও ছবিখনৰ সন্দৰ্ভত এক সুন্দৰ সমালোচনা কৰিছে । তেওঁ ছবিখনৰ পোষ্টাৰখন তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি ছবিখনক Benstoke বুলি অভিহিত কৰিছে ।

বিকিৰ ছবিখন চাই যথেষ্ট আবেগিক হৈ পৰে সিদ্ধাৰ্থ মালহোত্ৰা । ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ পাইছে য’ত সিদ্ধাৰ্থই ছবিখন চোৱাৰ পিচত বিকিক সাবটি ধৰা দেখা গৈছে ।

লগতে পঢ়ক:ৰণবীৰৰ এনিমেলৰ সন্মুখত থিয় দিছে ছেম বাহাদুৰ ! বিকি কৌশলৰ ছবিখনে অগ্ৰিম বুকিঙেৰে সংগ্ৰহ কৰিলে ইমান ধন

ABOUT THE AUTHOR

...view details