চিটাৰা ডেস্ক, 1 নৱেম্বৰ :এইবাৰ হেল’ৱিন ফেষ্টৰ ভূতে খেদি ফুৰিছে বলীউডৰ তাৰকাসকলক । বহু চেলেব্ৰিটীয়ে হেল’ৱিন পাৰ্টী আয়োজন কৰি নিজৰ ভয়ংকৰ ৰূপেৰে অনুৰাগীক আচৰিত কৰি তুলিছে । কেটৰিণা কাইফে হেল’ৱিন উপলক্ষে এটা অস্বাভাৱিক হেল’ৱিন লুক ধাৰণ কৰে যিটো ডিচি কমিক্স অৱ্ আমেৰিকাৰ এটা চৰিত্ৰ হাৰ্লি কুইনৰ পৰা অনুপ্ৰাণিত আছিল । কেটৰিণাৰ হেল’ৱিন লুকটো অতি আকৰ্ষণীয় দেখা গৈছে । স্বামী বিকী কৌশলে পত্নীৰ ৰূপ দেখি অবাক হৈ পৰিছে । কেটৰিণা কাইফে এই ভয়ংকৰ ৰূপত নিজৰ আগন্তুক ছবি ফোনভূতৰ প্ৰচাৰ চলাইছে ।
খতম টাটা বাই-বাই
Halloween Look ৰ ছবিসমূহ কেটৰিণা কাইফে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে (Katrina Kaif instagram) । কেটৰিণাৰ ফটোত বিকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনপ্ৰিয় সংলাপ খতম টাটা বাই-বাইবুলি কমেণ্ট কৰিছে ৷