অসম

assam

ETV Bharat / entertainment

Director Sagar: প্ৰবীণ তেলুগু চলচ্চিত্ৰ পৰিচালক সাগৰৰ দেহাৱসান

দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ বিখ্যাত পৰিচালক বিদ্যাসাগৰ ৰেড্ডীৰ 70 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ (Director Sagar death news)।

By

Published : Feb 3, 2023, 3:22 AM IST

Film director Sagar
চলচ্চিত্ৰ পৰিচালক সাগৰৰ দেহাৱসান

চিটাৰা ডেস্ক, 2 ফেব্ৰুৱাৰী : প্ৰবীণ তেলুগু চলচ্চিত্ৰ পৰিচালক সাগৰ ওৰফে বিদ্যাসাগৰ ৰেড্ডীৰ দেহাৱসান । বহুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল । 70 বছৰ বয়সত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে (Telugu Film director Sagar age) । তথ্য অনুসৰি, কিছুদিন ধৰি অসুস্থ হৈ আছিল পৰিচালকগৰাকী ৷ বৃহস্পতিবাৰ, 2 ফেব্ৰুৱাৰীৰ পুৱা চেন্নাইৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ । 1983 চনত চলচ্চিত্ৰ পৰিচালক হিচাপে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ হৈছিল ৷ পৰিচালনা কৰা ছবিখনৰ নাম আছিল ‘ৰাকসী লোয়া’ ।

অভিনেতা নৰেশ আৰু অভিনেত্ৰী বিজয়া শান্তিয়ে ৰাকাসী ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । প্ৰথমখন ছবিৰ সফলতাৰ পিছত সাগৰে নিজৰ সময়ৰ তেলুগু অভিনেতাসকলৰ সৈতে কেইবাখনো ছুপাৰ হিট ছবি পৰিচালনা কৰে, যেনে- ‘আম্মা ডংগা’, ‘কাইদি ব্রাদার্ছ’, ‘স্তুৱর্তপুৰম ডংগালু’, ‘ৰামা সক্কানোডু’, ‘এক্সন নং 1’, 'অন্বেষণ', 'অসি না মাৰাদলা', 'ডাকু' আদিকে ধৰি আন বহুতো চিনেমা এই তালিকাত সোমাই আছে ৷ প্ৰয়াত পৰিচালক সাগৰে দীৰ্ঘদিন ধৰি তেলুগু পৰিচালক সন্থাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল ।

তথ্য অনুসৰি, বৰ্তমান প্ৰজন্মৰ টলীউডৰ বহুতো পৰিচালক যেনে শ্ৰীনু বৈতলা, ভি.ভি. বিনায়ক, ৰবি কুমাৰ চৌধুৰী আৰু জি নাগেশ্বৰ ৰেড্ডীয়ে টলীউডৰ শীৰ্ষ পৰিচালক হোৱাৰ পূৰ্বে তেওঁৰ অধীনত কাম কৰিছিল আৰু আজি শীৰ্ষ পৰিচালক হিচাপে নিজৰ চিনাকি গঢ়ি তুলিছে । তেওঁ 1952 চনত গুন্টুৰত জন্মগ্ৰহণ কৰিছিল আৰু 1983 চনত মেগাফোন চলোৱাৰ আগতে কেইবাখনো তেলুগু চলচ্চিত্ৰৰ চলচ্চিত্ৰ সম্পাদক আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল । তেওঁৰ 1991 চনৰ ছবি 'স্তুৱর্তপুৰম ডংগালু' অতি জনপ্ৰিয় হৈছিল । তেওঁৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ উদ্যোগত শোকৰ ঢৌ তুলিছে । বহুতো টলীউড তাৰকাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । তথ্য অনুসৰি, তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আজি সন্ধিয়া চেন্নাইত সম্পন্ন কৰা হয় ।

লগতে পঢ়ক :মৃত্যুৰ তিনি সপ্তাহ পূৰ্বে সুশান্তৰ সৈতে কথা নপতাৰ দুখটোৱে আজিও কপাই তোলে অনুৰাগ কাশ্য়পক

ABOUT THE AUTHOR

...view details