অসম

assam

ভোজপুৰী চলচিত্ৰ উদ্যোগৰ প্ৰবীণ অভিনেতা বৃজেশ ত্ৰিপাঠী আৰু নাই

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 12:36 PM IST

Brijesh Tripathi Death: ভোজপুৰী চিনেমাৰ প্ৰবীণ অভিনেতা বৃজেশ ত্ৰিপাঠীৰ দেহাৱসান। হাৰ্ট এটাকত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতাগৰাকীৰ ।

Veteran Bhojpuri actor Brijesh Tripathi passes away
বৃজেশ ত্ৰিপাঠীৰ দেহাৱসান

চিটাৰা ডেস্ক, ১৮ ডিচেম্বৰ: ভোজপুৰী চিনেমাৰ প্ৰবীণ অভিনেতা বৃজেশ ত্ৰিপাঠীৰ দেহাৱসান । হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰবীণ অভিনেতাগৰাকীয়ে । খবৰ অনুসৰি বৃজেশ ত্ৰিপাঠীৰ দুসপ্তাহ পূৰ্বে ডেংগু হৈছিল, যাৰ বাবে তেওঁক মেৰটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পিচতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী ।

চিকিৎসালয় পোৱাৰ আগতেই মৃত্যু হয় বৃজেশ ত্ৰিপাঠীৰ

চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিচত অভিনেতাগৰাকীক মুম্বাইলৈ অনা হৈছিল ৷ কিন্তু দেওবাৰে নিশা অভিনেতাগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই অৰ্থাৎ পথতেই মৃত্যু হয় অভিনেতাজনৰ । ইয়াৰ পিচত চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

আজি শেষকৃত্য সম্পন্ন কৰা হ’ব অভিনেতাজনৰ

অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰত শোকৰ ছাঁ পৰিছে ভোজপুৰী উদ্যোগত । ১৮ ডিচেম্বৰত অৰ্থাৎ আজি বৃজেশ ত্ৰিপাঠীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব ৷ ৪৬ বছৰতকৈও অধিক সময় তেওঁ চলচ্চিত্ৰ জগতত কাম কৰিছিল । ১৯৭৯ চনত ‘সাইয়া তোহৰে কৰণ’ ছবিৰ জৰিয়তে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল । অভিনেতাগৰাকীৰ প্ৰথম হিন্দী ছবি হৈছে ১৯৮০ চনত মুকলি হোৱা ‘টেক্সি চোৰ’। দৰাচলতে ভোজপুৰী উদ্যোগলৈ অহাৰ আগতে তেওঁ বলীউডৰ অংশ আছিল । অভিনেতাগৰাকী বহু টিভি ধাৰাবাহিকৰো অংশ আছিল । বৃজেশ ত্ৰিপাঠী ‘নো এণ্ট্ৰি’, ‘ওম’, ‘গুপ্ত: দ্য হাইডেন ট্ৰুৰ্থ’, ‘মোহৰা’, ‘দেৱৰা ভৈল দীৱানা’, ‘হমাৰ বডীগাৰ্ড শিৱ’, ‘ড্ৰাইভাৰ ৰাজা’, ‘পিয়া চান্দনী’, ‘ৰাম কৃষ্ণ বজৰংগী’ আৰু ‘জনতা দৰবাৰ’কে ধৰি আন আন বহু ছবিতো অভিনয় কৰিছে ।

শোক প্ৰকাশ ৰবি কিষণৰ

বৃজেশ ত্ৰিপাঠীয়ে অজয় ​​দেৱগন, অমিতাভ বচ্চন, শ্বাহৰুখ খান, ছলমান খান, ৰজনীকান্ত, ধৰ্মেন্দ্ৰ আৰু বিনোদ খান্না আদিৰ সৈতেও ছবিত কাম কৰিছে । অভিনেতাগৰাকীয়ে বলীউডৰ ২৫০ খনতকৈও অধিক ছবিত কাম কৰিছে । আনহাতে মনোজ তিৱাৰী, ৰবি কিষণ, দীনেশ লাল যাদৱ, পৱন সিং, খেছাৰী লাল যাদৱকে ধৰি বহু অভিনেতাৰ সৈতে ভোজপুৰী ছবিত কাম কৰিছিল ।

চলচ্চিত্ৰ অভিনেতা তথা গোৰখপুৰৰ সাংসদ ৰবি কিষণে বৃজেশ ত্ৰিপাঠীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । ৰবি কিষণে কয়, ‘‘বৃজেশ ত্ৰিপাঠী জীৰ সৈতে মই প্ৰায় ১০০ খন ছবিত কাম কৰিছিলোঁ, তেওঁৰ বিদায় ভোজপুৰী চলচ্চিত্ৰ জগতৰ পৰা এটা যুগৰ অৱসান ঘটিছে । ঈশ্বৰে তেওঁৰ আত্মাক স্বৰ্গত সৰ্বোচ্চ সন্মানেৰে সজাই তোলক ।’’

লগতে পঢ়ক:কৰ্কট ৰোগেই কাল হ’ল অভিনেতা ৰবীন্দ্ৰ বেৰ্দেৰ বাবে !

ABOUT THE AUTHOR

...view details