চিটাৰা ডেস্ক, 24 আগষ্ট: হিন্দী আৰু মাৰাঠী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী সীমা দেওৰ দেহাৱসান ৷ ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীয়ে । 24 আগষ্টৰ পুৱতি নিশা এই পৃথিৱীৰ পৰা বিদায় লয় অভিনেত্ৰীগৰাকীয়ে ৷ বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল বুলি জানিব পৰা গৈছে । লগতে তেওঁ এলঝেইমাৰ ৰোগতো ভুগি আছিল ৷
সীমা দেও অভিনেতা ৰমেশ দেওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । ৰমেশ দেওৱে বহু ছবি আৰু টিভি ধাৰাবাহিকতো কাম কৰিছিল । 2022 চনৰ 2 ফেব্ৰুৱাৰীত হৃদৰোগত আক্ৰান্ত হৈ ৰমেশ দেওৰ মৃত্যু হয় । তেওঁৰ বয়স আছিল 93 বছৰ । ইয়াৰ পিচত পুত্ৰ অভিনয়ৰ সৈতে বান্দ্ৰাত বাস কৰিছিল সীমা দেওৱে ।
সীমা দেও ‘আনন্দ’ ছবিখনত অমিতাভৰ বৌৱেকৰ চৰিত্ৰত অভিনয় কৰিছিল
আনন্দত ৰমেশ দেওৱে অমিতাভ বচ্চনৰ বন্ধু ড৹ প্ৰকাশ কুলকাৰ্ণীৰ চৰিত্ৰত অভিনয় কৰিছিল । সেই ছবিখনত সীমা দেওৱে পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল । অমিতাভ বচ্চনে ছবিখনত তেওঁক ভাবী বুলি মাতিছিল ।