চিটাৰা ডেস্ক,২২ অক্টোবৰ :২০১৮ চনৰ এক পুৰণি গোচৰত দোষী সাব্যস্ত বলীউডৰ বিশিষ্ট নেতা দালিপ টাহিল । হিট এণ্ড ৰাণ গোচৰত অভিনেতাগৰাকীক দুমাহৰ কাৰাদণ্ড প্ৰদান কৰে আদালতে । অভিযোগ অনুসৰি অভিনেতাগৰাকীয়ে সুৰাপান কৰি বাহন চলাইছিল আৰু তেওঁৰ বাহনে খুন্দিয়াইছিল এগৰাকী মহিলাক । দীৰ্ঘদিন ধৰি এই বিষয়টোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল । পাছত এগৰাকী চিকিৎসকৰ প্ৰমাণৰ ওপৰত ভিত্তি কৰি অভিনেতাগৰাকীক দোষী সাব্যস্ত কৰা হয় । ইফালে ২০১৮ চনত গ্ৰেপ্তাৰ হোৱাৰ সময়ত দালিপ টাহিলে সুৰাৰ পৰীক্ষাৰ বাবে তেজৰ নমুনা প্ৰদান কৰা নাছিল আৰু আৰক্ষীক সহযোগিতা কৰিবলৈ অস্বীকাৰ কৰিছিল ।
উল্লেখ্য যে সন্দেহৰ আৱৰ্তত থকা এই ঘটনাটোত দালিপৰ বাহন আৰু এখন অটোৰিক্সাৰ মাজৰ সংঘৰ্ষ আছিল । যাৰ ফলত দুগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল । অভিযোগ অনুসৰি দুৰ্ঘটনাৰ পাছত অভিনেতাগৰাকী প্ৰথমে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কিন্তু গণেশ বিসৰ্জন শোভাযাত্ৰাৰ ফলত হোৱা যান-জঁটৰ ফলত তেওঁ পলায়ন কৰিব পৰা নাছিল ।