অসম

assam

ETV Bharat / entertainment

Titan submarine: টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈ মৃত্যু পাঁচজনৰ, পৰিচালক জেমছ কেমেৰনে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া - টাইটানিকৰ ধ্বংসাৱশেষ

টাইটানৰ ছাবমেৰিন হেৰুৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা জেমছ কেমেৰনে কয় যে টাইটান চাবমেৰিন দুৰ্যোগৰ সাদৃশ্যই তেওঁক আচৰিত কৰি তুলিছে।

Very similar tragedy: Titanic director James Cameron reacts to Titan submersible tragedy
টাইটানিক চাবলৈ যোৱা পাঁচজন যাত্ৰীৰ মৃত্যু

By

Published : Jun 23, 2023, 3:04 PM IST

চিটাৰা ডেস্ক, 23 জুন: বিগত কিছুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰিছে নিৰুদ্দেশ হোৱা টাইটান চাবমেৰিনে । এতিয়া আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ বিষয়াসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে, সম্ভৱতঃ ছাবমেৰিনত বিস্ফোৰণ ঘটিছিল, য’ত ছাবমেৰিনত থকা ৫ জন লোকৰ মৃত্যু হৈছিল । বৃহস্পতিবাৰে বিষয়াসকলে টুইট কৰি জনায় যে এই তথ্যৰ মূল্যায়ন কৰি থকা হৈছে ।

উল্লেখ্য যে, ১৯১২ চনৰ এপ্ৰিল মাহত আটলাণ্টিক মহাসাগৰত ডুব যোৱা টাইটানিক জাহাজৰ ধ্বংসাৱশেষ দেখুৱাবলৈ লৈ যোৱা হৈছিল ছাবমেৰিন টাইটান । বিষয়াসকলে কয় যে বিস্ফোৰণ ক’ত সংঘটিত হৈছে সেয়া এতিয়াও ক’ব পৰা হোৱা নাই । এই সন্দৰ্ভত এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে, যাৰ উত্তৰ বিচাৰিব লাগিব ।

ছাবমেৰিনত ৫ জন লোক আছিল

দ্য গাৰ্ডিয়ানৰ মতে, ১৮ জুনৰ বিয়লি ছাবমেৰিনখন অৱতৰণ কৰাৰ ১ ঘণ্টা ৪৫ মিনিটৰ পিচত ৰাডাৰৰ পৰা নোহোৱা হৈ যায় । ইয়াত মাত্ৰ ৯৬ ঘণ্টাৰ জীৱন ধাৰণৰ ব্যৱস্থা আছে । ছাবমেৰিনখন এজন পাইলট আৰু ৪ জন যাত্ৰী আছিল । ডুবাৰু জাহাজখনত থকাসকলৰ ভিতৰত আছিল ব্ৰিটিছ কোটিপতি হামিছ হাৰ্ডিং, ফৰাচী ডুবাৰু পল-হেনৰী, পাকিস্তানী-ব্ৰিটিছ ব্যৱসায়ী শ্বাহজাদা ডাউড, তেওঁৰ পুত্ৰ চুলাইমান আৰু অ’চেনগেট কোম্পানীৰ চিইঅ’ ষ্টকটন ৰাছ ।

টাইটানিক ছবিৰ পৰিচালকে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া

এই ঘটনাক লৈ টাইটানিক ছবিখনৰ পৰিচালক জেমছ কেমেৰনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । পৰিচালকগৰাকীয়ে দাবী কৰিছিল যে, "বহু সাগৰীয় যাত্ৰী সম্প্ৰদায়ে অ’চেনগেট অভিযানলৈ চিঠি লিখি সকীয়াই দিছিল যে তেওঁলোকৰ ছাবমেৰিনখন অত্যধিক পৰীক্ষামূলক। একে সময়তে ডিপ ছিত অনুসন্ধান কৰা অভিযান্ত্ৰিক সমাজৰ শীৰ্ষস্থানীয় লোকসকলেও কোম্পানীটোলৈ এখন চিঠি লিখি এই চাবমেৰিন যাত্ৰী কঢ়িয়াব পৰাকৈ উপযুক্ত নহয় বুলি সকীয়াই দিয়ে। ইয়াৰ প্ৰমাণপত্ৰ লোৱাৰ প্ৰয়োজন আছিল।"

তেওঁ লগতে কয়, "টাইটানিক দুৰ্যোগৰ সমান্তৰালতাই মোক আচৰিত কৰি তুলিছে, য’ত কেপ্তেইনক তেওঁৰ জাহাজৰ আগত থকা বৰফৰ বিষয়ে বাৰে বাৰে সকীয়াই দিয়া হৈছিল আৰু তথাপিও তেওঁ নিশা বৰফৰ পাহাৰ এটাত খুন্দা মাৰিছিল আৰু ফলত বহু লোকৰ মৃত্যু হৈছিল ৷ "

উল্লেখ্য যে, টাইটানিক জাহাজৰ ধ্বংসাৱশেষ আটলাণ্টিক মহাসাগৰত উপস্থিত আছে । কানাডাৰ নিউফাউণ্ডলেণ্ডৰ ছেইণ্ট জনছৰ পৰা ৭০০ কিলোমিটাৰ দূৰত্বত । সাগৰৰ ৩৮০০ মিটাৰ গভীৰতাত এই ধ্বংসাৱশেষ অৱস্থিত ।

লগতে পঢ়ক:CID Officer Vivek: অভিনয় এৰি এতিয়া কি কৰি আছে চি আই ডি পৰিদৰ্শক বিবেক ? ১১ বছৰৰ পাচত চিনি পোৱাটো কঠিন হ’ব

ABOUT THE AUTHOR

...view details