অসম

assam

ETV Bharat / entertainment

Varun Tej-Lavanya Tripathi Wedding: বৰুণ-লাৱণ্যৰ বিয়াৰ ফটো প্ৰকাশ, একেলগে দেখা গ’ল এইসকল ছুপাৰষ্টাৰক

বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ উপস্থিতিত ইটালীত বিবাহপাশত আবদ্ধ হয় বৰুণ তেজ আৰু লাৱণ্য ত্ৰিপাঠী । তেওঁলোকৰ বিয়াৰ প্ৰথম ফটো ইতিমধ্যেই প্ৰকাশ পাইছে । য’ত তেওঁৰ পৰিয়ালৰ লোককো দেখা গৈছে । চিৰঞ্জীৱী আৰু আল্লু অৰ্জুনেও অংশগ্ৰহণ কৰে বিয়াত ।

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 11:19 AM IST

Varun Tej and Lavanya Tripathi tie the knot in Italy, pictures and videos from their dreamy destination wedding storm social media
যুগ্ম জীৱনৰ পাতনি মেলিলে বৰুণ তেজ-লাৱণ্য ত্ৰিপাঠীয়ে

চিটাৰা ডেস্ক, 2 অক্টোবৰ: বুধবাৰে ইটালীত বিবাহপাশত আবদ্ধ হয় বৰুণ তেজ আৰু লাৱণ্য ত্ৰিপাঠী । এই বিয়াত ৰাম চৰণ আৰু আল্লু অৰ্জুনকে ধৰি পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে অংশগ্ৰহণ কৰে । ইটালীৰ টাস্কানীৰ বৰ্গো ছান ফেলিচত হিন্দু ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয় এই দম্পতী । বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত বৰুণ তেজ আৰু লাৱণ্য ত্ৰিপাঠীৰ প্ৰথমখন ছবিৰ লগতে বিয়াৰ ভিতৰৰ ফটোও পোহৰলৈ আহিছে । দুয়োকে একেলগে ধুনীয়া দেখা গৈছে । ৰঙা ৰঙৰ বিবাহৰ সাজ পৰিধান কৰা লাৱণ্য ত্ৰিপাঠীক ধুনীয়া দেখা গৈছে । অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰো বিবাহ ইটালীত হৈছিল ।

বৰুণ তেজ আৰু লাৱণ্য ত্ৰিপাঠীৰ এখন ফটো শ্বেয়াৰ কৰি তেলুগু অভিনেতা নাগা বাবু কনিডেলাই টুইটাৰত লিখিছে, ‘‘নতুন দম্পতী বৰুণ তেজ কনিডেলা আৰু লাৱণ্যলৈ বহুত আশীৰ্বাদ ।’’ পুত্ৰৰ বিবাহৰ বাবে বহুতে তেওঁক অভিনন্দন জনাইছিল আৰু বহুতে তেওঁক বিয়াৰ অধিক ফটো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছিল ।

বৰুণ তেজ-লাৱণ্য ত্ৰিপাঠীৰ বিয়াৰ প্ৰথমখন ফটো

বিয়াৰ বাবে বৰুণে এম্ব্ৰয়ডাৰী কৰা শ্বেৰৱানী আৰু মেচিং চাদৰ পৰিধান কৰিছিল ৷ আনহাতে লাৱণ্যই ৰঙা ৰঙৰ ব্রাইডেল আউটফিট বাছি লৈছিল । চুলিকোচা নেট দুপট্টাৰে ঢাকি ৰখাৰ বিপৰীতে বিয়াৰ লুকটো সোণৰ গহনাৰে যোৰ কৰিছিল, য’ত আছিল নেকেলেচ, খাৰু আৰু মেচিং হেয়াৰ এক্সেচৰিজ । নগেন্দ্ৰ বাবুৱে শ্বেয়াৰ কৰা ছবিখনত দৰা-কইনা দুইকে প্ৰাৰ্থনা কৰা দেখা গৈছে ৷

চিৰঞ্জীৱী আৰু পৱন কল্যাণৰ ভতিজা বৰুণ তেজ

বৰুণ তেজ প্ৰবীণ অভিনেতা চিৰঞ্জীৱী আৰু পৱন কল্যাণৰ ভতিজা । ৰাম চৰণ, আল্লু অৰ্জুন, আল্লু ছিৰিশ, সাই তেজ আৰু পাঞ্জা বৈষ্ণৱ তেজ আটাইকেইজনেই তেওঁৰ খুৰায়েকৰ ফালৰ ভাতৃ । টাস্কানীত বৰুণ আৰু লাৱণ্যৰ বিয়াত তেওঁলোক সকলোৱে অংশগ্ৰহণ কৰিছিল । নতুন দম্পতীক অভিনন্দন জনাই চিৰঞ্জীৱীয়েও টুইটাৰত শ্বেয়াৰ কৰিছে বিয়াৰ ফটো ।

লগতে পঢ়ক:Aishwarya Rai Birthday: মাংগালুৰুত জন্মগ্ৰহণ কৰা ঐশ্বৰ্য কেনেকৈ হ’ল মিছ ৱৰ্ল্ড ? 50 সংখ্যক জন্মদিনত জানক কিছু বিশেষ কথা

ABOUT THE AUTHOR

...view details