চিটাৰা ডেস্ক,১০ এপ্ৰিল: বহুদিন বিৰতিৰ পাছত পুনৰ দৰ্শকৰ মাজলৈ আহিব বৰুণ ধাৱানৰ ছবি । ২০২৩ৰ ৭ এপ্ৰিলত ছবিগৃহলৈ আহিব বৰুণ ধাৱান জাহ্নৱী কাপুৰৰ ছবি 'বাৱাল'(Varun Dhawan Janhvi Kapoor film Bawaal) । ইতিমধে আৰম্ভ হৈছে 'বাৱাল'ৰ দৃশ্যগ্ৰহণৰ কাম । ছবিখনৰ পৰিচালক নিতেশ তিৱাৰীৰ পত্নী অশ্বিনী আয়াৰে তেওঁৰ ইনষ্টাগ্ৰামত ক্লেপবোৰ্ডৰ এখন ফটো শ্বেয়াৰ কৰি এই কথা ৰাজহুৱা কৰে ।
তেওঁ লিখে""#Bawaal Happiness begins. Missing Sajid Sir effervescent smile and @wardakhannadiadwala hug as the shoot begins with awesome humans and actors @varundvn & @janhvikapoor."
দৃশ্যগ্ৰহণৰ বাবে বৰুণ ধাৱানে শনিবাৰে যাত্ৰা কৰিছিল লক্ষ্ণৌলৈ যাত্ৰা কৰে, আনহাতে জাহ্নৱীয়ে ৭ এপ্ৰিলত পূৱৰ কনষ্টাণ্টিনোপললৈ উৰা মাৰিছিল । ভাৰতৰ তিনিটাকৈ স্থানত ছবিখনৰ চিত্ৰগ্ৰহণ চলিব যদিও সেই স্থানবোৰ এতিয়াও ৰাজহুৱা কৰা নাই । ভাৰতৰ উপৰিও পেৰিছকে ধৰি চাৰিখনকৈ ইউৰোপীয় স্থানটো 'বাৱাল' ৰ দৃশ্যগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।