চিটাৰা ডেস্ক, 5 নৱেম্বৰ :বলীউড অভিনেতা বৰুণ ধৱন নিজৰ ধেমেলীয়া ব্য়ৱহাৰৰ বাবে অতি জনপ্ৰিয় । ছবিত তেওঁ শিশু সুলভ অভিনয়েৰে যথেষ্ট আমোদ দিয়ে ৷ বলীউডৰ এই ফিট অভিনেতা গৰাকীক লৈ এক চাঞ্চল্যকৰ খবৰ ওলাইছে । আচলতে বৰুণ ধৱনে কৈছে তেওঁৰ ‘ভেষ্টিবুলাৰ হাইপ’ফাংচন’ নামৰ ৰোগ এটা হৈছিল । এই ৰোগত তেওঁ তেওঁৰ ভাৰসাম্য হেৰুৱাই পেলাইছিল । বৰুণে কৈছে যে বহু দিন ধৰি তেওঁ জনাই নাছিল যে তেওঁৰ আচলতে কি হৈছে । বর্তমান তেওঁ নিজৰ ছবি ‘ভেড়িয়া’ৰ প্রচাৰত ব্যস্ত ৷
বৰুণ ধৱনে শ্বেয়াৰ কৰিছে ভেষ্টিবুলাৰ হাইপ’ফাংচন নামৰ ৰোগত আক্ৰান্ত হোৱাৰ কথা । এই ৰোগত ব্যক্তি এজনে শৰীৰৰ ভাৰসাম্য হেৰুৱাই পেলায় । তেওঁ লগতে আৰু কৈছে যে মহামাৰীৰ পিছত যেতিয়া পৰিৱেশ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছিল তেতিয়া বৰুণে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই পৰিবেশত তেওঁ নিজৰ ওপৰত কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু পেছাদাৰীভাৱে কাম কৰিবলৈ তেওঁ এনে কৰিব লগা হৈছিল । তাৰ পিছত অভিনেতাজনে অনিচ্ছা সত্বেও কামৰ পৰা বিৰতি ল’ব লগা হয় । বৰুণে কয়, ‘মই নাজানিছিলো যে মোৰ Vestibular Hypofunction হৈছে, কিন্তু মই অবিৰতভাৱে কাম কৰি আছিলো । মোৰ ওপৰত এক বেলেগ ধৰণৰ হেঁচা আহিছিল । এনে পৰিস্থিতিত মই বুজিব পৰা নাছিলো দৰাচলতে মোৰ লগত হৈছে কি ?
ভেষ্টিবুলাৰ হাইপ’ফাংচন কি?