চিটাৰা ডেস্ক, ১১ জানুৱাৰী: ৰোহিত শৰ্মাৰ নেতৃত্বত আজি ভাৰতীয় ক্ৰিকেট দলে মোহলীত আফগানিস্তানৰ সৈতে তৃতীয় টি-২০ শৃংখলাৰ প্ৰথমখন মেচ খেলিব । এই খেলখনৰ পূৰ্বে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে স্পষ্ট কৰি দিছিল যে ব্যক্তিগত কাৰণত বিৰাট কোহলীয়ে প্ৰথমখন মেচ খেলিব নোৱাৰিব । কিন্তু কিয় বিৰাটে নেখেলে আজিৰ মেচখন ? আচলতে আজি বিৰাট কোহলীৰ কন্যা ভামিকাৰ জন্মদিন, গতিকে আফগানিস্তানৰ মেচ এৰি পিতৃৰ দায়িত্ব পূৰণ কৰিব বিৰাটে । সেয়েহে কন্যাৰ জন্মদিনৰ বাবে বিৰাট কোহলীয়ে প্ৰথম টি-২০ মেচৰ পৰা বিৰতি লৈছে ।
৩ বছৰীয়া হ’ল ভামিকাৰ বয়স । উল্লেখ্য যে, ২০১৭ চনত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ বিবাহ হৈছিল । বিবাহৰ চাৰি বছৰৰ পাচত ২০২১ চনৰ ১১ জানুৱাৰীত ভামিকা কোহলীৰ জন্ম হয় । আজি ভামিকাই ৩ বছৰ সম্পূৰ্ণ কৰিলে । এনে পৰিস্থিতিত অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে একেলগে কন্যাৰ জন্মদিন উদযাপন কৰিব বিচাৰে । কন্যাৰ জন্মদিন উদযাপন কৰি ১৪ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন টি-২০ মেচৰ পূৰ্বে বিৰাট কোহলীয়ে টিম ইণ্ডিয়াত যোগদান কৰিব ।
আজিলৈকে কিয় বিৰাট-অনুষ্কাই দেখুওৱা নাই ভামিকাৰ মুখ ?