চিটাৰা ডেস্ক, 14 ফেব্ৰুৱাৰী :প্ৰেম এক মায়াসনা অনুভূতি ৷ প্ৰেম নামৰ মায়াতেই মগ্ন বিশ্বৰ মানুহ ৷ এই মায়াই সকলোকে এনেদৰে আৱৰি আছে যে মানুহ ইয়াৰ পৰা ওলাও বুলিও ওলাব নোৱাৰে ৷ প্ৰেমেই গঢ়ে, প্ৰেমেই ধ্বংস কৰে, কিন্তু প্ৰেম বিনে জীৱন আগনাবাঢ়ে ৷ সঁচা প্ৰেমৰ নিদৰ্শন দিবলগীয়া হ’লেই সকলোৰে মনলৈ আহে হীৰ-ৰাঞ্জা, লাইলা-মাজনুৰ কথা ৷ আজি হৈছে প্ৰেমৰ দিন; 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে’(Valentines Day 2023) ৷ ইতিমধ্যেই 7 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে ভেলেণ্টাইন উইক ৷ আজিৰ দিনটোত আপোনালোকলৈ আগবঢ়াইছো কেইটামান প্ৰেৰণাদায়ক প্ৰেম কাহিনী(Inspiring Love Stories)-
বিক্ৰম বাত্ৰা-ডিম্পল :কেপ্তেইন বিক্ৰম বাত্ৰাই দেশৰ বাবে কৰা ত্যাগ কোনে পাহৰিব পাৰে । 21 বছৰ পূৰ্বে 7 জুলাইত পাকিস্তানী সেনাই তেওঁক শ্বেৰশ্বাহ উপাধিৰে সন্মানিত কৰিছিল । কাৰ্গিলৰ নায়ক, বিক্ৰম বাত্ৰাই নিজৰ সতীৰ্থক বচাবলৈ গৈ প্ৰাণ আহুতি দিছিল । তেওঁৰ সাহস আৰু আত্মত্যাগে সৈনিকসকলক অনুপ্ৰাণিত কৰিছিল । এইজন সাহসী অধিনায়কৰ প্ৰেম কাহিনীও অপূৰ্ব । 1995 চনত পঞ্জাৱ বিশ্ববিদ্যালয়ত ডিম্পলক লগ পাইছিল বাত্ৰাই । 1999 চনত যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে দুয়োৱে ইংৰাজী বিষয়ত এম এ কৰি আছিল, য’ত তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈছিল ।
1996 চনত বিক্ৰম বাত্ৰাই ভাৰতীয় সামৰিক একাডেমীত নিৰ্বাচিত হৈ ডেৰাডুনলৈ যাব লগা হয় । তেওঁৰ প্ৰেমিকা ডিম্পল চিমাই আশংকা কৰিছিল যে এই দূৰত্বই তেওঁলোকৰ সম্পৰ্ক শেষ কৰি পেলাব কিন্তু বাত্ৰাই প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে অতি সোনকালেই বিয়া পাতিব । আনকি বিক্ৰম বাত্ৰাৰ জীৱন কাহিনীক লৈ নিৰ্মাণ হোৱা শ্বেৰশ্বাহ ছবিখনত আমি দেখিবলৈ পাওঁ যে বিক্ৰমে ব্লেড উলিয়াই আঙুলি কাটি ডিম্পলৰ শিঁৰত সেন্দূৰ দিয়ে । 1999 চনৰ 7 জুলাইত অধিনায়ক বিক্ৰম বাত্ৰাই এই পৃথিৱীৰ পৰা চিৰবিদায় লয় আৰু ডিম্পলে তেনেকেই জীৱন নিৰ্বাহ কৰে ।
দিলীপ কুমাৰ-ছাইৰা বানু : 1944 চনত হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰাৰ সময়তে চলচ্চিত্ৰ জগতৰ বিখ্যাত তাৰকা মহম্মদ ইউছুফ খানে দিলীপ কুমাৰ নাম লাভ কৰিছিল । ছাইৰা বানু তেওঁৰ তুলনাত 22 বছৰ সৰু আছিল আৰু অভিনেতাজনৰ ডাঙৰ অনুৰাগীও আছিল । 1966 চনৰ 11 অক্টোবৰত দিলীপ কুমাৰ আৰু ছাইৰা বানুৰ বিবাহৰ সময়ত ছাইৰা বানুৰ বয়স আছিল 22 বছৰ, আনহাতে দিলীপ কুমাৰৰ বয়স আছিল 44 বছৰ । দিলীপ কুমাৰ আৰু ছাইৰা বানুৰ বয়সৰ পাৰ্থক্যই কেতিয়াও তেওঁলোকৰ সম্পৰ্কত প্ৰভাৱ পেলোৱা নাছিল ।
শচীন তেণ্ডুলকাৰ-অঞ্জলি :ক্ৰীড়া জগতৰ এটা ডাঙৰ নাম যাক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় সেই শচীন তেণ্ডুলকাৰ প্ৰেম কাহিনীও চৰ্চা হয় মাজে মাজে । এজন জনপ্ৰিয় উদ্যোগপতি অশোক মেহতাৰ কন্যা অঞ্জলি তেণ্ডুলকাৰক বিয়া পাতিছিল শচীনে । অৱশ্যে বিয়া হোৱাৰ সময়ত কোনেও তেওঁৰ বিষয়ে একো গম পোৱা নাছিল । শচীন আৰু অঞ্জলিৰ প্ৰথম সাক্ষাৎ মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হৈছিল । শচীন তেণ্ডুলকাৰ ক্ৰিকেট ভ্ৰমণৰ পৰা উভতি অহাৰ সময়ত অঞ্জলিয়ে মাকক আনিবলৈ বিমানবন্দৰত ৰৈ আছিল ।
শচীনক দেখি প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিছিল অঞ্জলি । আমোদজনক কথাটো হ’ল অঞ্জলিয়ে ক্ৰিকেটৰ বিষয়ে বিশেষ একো জনা নাছিল । যেতিয়া তেওঁলোকে ডেট কৰা আৰম্ভ কৰিছিল তেতিয়া অঞ্জলিয়ে ক্ৰিকেটৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল । 5 বছৰ ইজনে সিজনক ডেট কৰাৰ পিছত 1995 চনৰ 24 মে’ত দুয়োৰে বিবাহ হয় । দুয়োৰে বয়সৰ মাজত 6 বছৰৰ পাৰ্থক্য আছে । অঞ্জলি তেণ্ডুলকাৰ শচীনতকৈ 6 বছৰ ডাঙৰ আৰু দুয়োৰে দুটিকৈ সন্তান আছে ।
সুধা মূৰ্তি আৰু নাৰায়ণ মূৰ্তি : বিবাহৰ পিছত নাৰায়ণ মূৰ্তি ইনফ’ছিছৰ প্ৰতিষ্ঠাপক হৈছিল । স্বামীৰ সফলতাৰ আঁৰত সুধাৰ ডাঙৰ অৱদান আছে । তেওঁলোকৰ সম্পৰ্কই এটোৱেই দেখুৱাই যে প্ৰেমৰ প্ৰতি আন্তৰিকতা আৰু প্ৰকৃত দায়বদ্ধতা থাকিলে সকলো সফল হ’ব পাৰে । নাৰায়ণ আছিল লাজকুৰীয়া আৰু অন্তৰ্মুখী ধৰণৰ মানুহ, আনহাতে সুধা আছিল সম্পূৰ্ণ বিপৰীত, বহিৰ্মুখী আৰু স্পষ্টবাদী । সেই সময়ত সুধা টেলকো (বৰ্তমান টাটা মটৰ্ছ) পুনেত কাম কৰি আছিল আৰু তেওঁ নাৰায়ণক লগ পাইছিল পাৰস্পৰিক বন্ধু প্ৰসন্নৰ জৰিয়তে ।