চিটাৰা ডেস্ক, ৮ জানুৱাৰী: অজয় দেৱগনৰ ছবি Raid হিট ৰূপে পৰিগণিত হৈছিল। এই ছবিখনে বক্স অফিচতো ভাল ফলাফল দেখুৱাইছিল । ছবিখনত অজয় দেৱগনৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছিল ৷ প্ৰথম খণ্ডত অজয় দেৱগনৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছিল ইলিয়ানা ডি ক্ৰুজক । প্ৰথম খণ্ড হিট হোৱাৰ পিচত এতিয়া আহি আছে ছবিখনৰ দ্বিতীয় খণ্ড Raid ২ । অৱশ্যে এইবাৰ অজয় দেৱগনৰ সৈতে মুখ্য চৰিত্ৰত নাথাকিব ইলিয়ানা ডি ক্ৰুজ ৷ এইবাৰ ছবিখনত ইলিয়ানা ডি ক্ৰুজৰ ঠাইত দেখা যাব আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰীক । ইলিয়ানা ডি ক্ৰুজৰ সলনি এইবাৰ ছবিখনত দেখা যাব বাণী কাপুৰক । লগতে ছবিখনত দেখা যাব দক্ষিণৰ আন এজন জনপ্ৰিয় অভিনেতাক ।
অতি সোনকালে আৰম্ভ হ’ব Raid 2 ৰ শ্বুটিং । ছবিখনৰ শুভ মহুৰত সময়ৰ এখন ফটো পোহৰলৈ আহিছে । য’ত অজয়ৰ সৈতে বাণী কাপুৰ আৰু ৰবি তেজাকো দেখা গৈছে ।
বাণী কাপুৰে ছবিখন শ্বেয়াৰ কৰিছে
ছ’চিয়েল মিডিয়াত ছবিখনৰ শুভ মহুৰতৰ ফটো শ্বেয়াৰ কৰিছে বাণী কাপুৰে । লগতে ছবিখনৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি বাণীয়ে লিখিছে- অতি সোনকালে আমি ডাঙৰ পৰ্দাত ৰেইড কৰি আছো । অতিশয় ধন্যবাদ । অভিযান শুভ শ্বুটিং । ১৫ নৱেম্বৰ ২০২৪ চিনেমাগৃহত দেখা পাম ।