চিটাৰা ডেস্ক, 4 অক্টোবৰ :সকলো দিশৰে পৰা 25 বছৰীয়া জন্মদিনৰ শুভেচ্ছা লাভ কৰিছে ক্ৰিকেটাৰ ঋষভ পাণ্টে ৷ প্ৰেমিকা ঈশা নেগীৰ উপৰিও বলীউডৰ এগৰাকী সুন্দৰী অভিনেত্ৰীৰ পৰা জন্মদিনৰ শুভেচ্ছা লাভ কৰিলে ঋষভে ৷ এই গৰাকী অভিনেত্ৰীৰ সৈতে হেনো পূৰ্বতে সম্পৰ্ক আছিল ঋষভৰ ৷ এই গৰাকী আন কোনো নহয়, জনপ্ৰিয় অভিনেত্ৰী উৰ্ৱশী ৰৌতেলা ৷
উৰ্ৱশীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত আৰু তাৰ কেপছনত লিখিছিল "শুভ জন্মদিন" । উৰ্বশীয়ে জন্মদিনত কাক শুভেচ্ছা জনাইছে সেই কথা উল্লেখ কৰা নাই যদিও নেটিজেনসকল এই সিদ্ধান্তত উপনীত হৈছে যে তেওঁৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টটো কেৱল ঋষভৰ বাবেই (Urvashi Rautela Rishabh Pant Birthday wishes)। উৰ্বশীয়ে ফ্লায়িং কিছ দিয়া এই ভিডিঅ’টো চলিত বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ।
চলিত মাহৰ আৰম্ভণিতে উৰ্ৱশীয়ে এটা জনপ্ৰিয় মনোৰঞ্জন প’ৰ্টেলত এক সাক্ষাৎকাৰ দিছিল, যিটো ক্লিপ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে । সাক্ষাৎকাৰটোত তেওঁ কয় যে, হোটেলৰ লবীত এজন নিৰ্দিষ্ট ‘আৰ পি’ য়ে তেওঁৰ বাবে অলপ টোপনি অহাৰ সময়ত তেওঁক লগ কৰিবলৈ হোটেলৰ লবীত প্ৰায় 10 ঘণ্টা অপেক্ষা কৰি আছিল আৰু তেওঁ ইমান সময় অপেক্ষা কৰি থকাৰ বাবে তেওঁৰ বেয়া লাগিছিল (Urvashi Rautela and Rishabh Pant memes) ।
ক্লিপটো ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীসকলে পুনৰ ঋষভ পণ্টৰ তেওঁৰ সৈতে সম্পৰ্ক আছে বুলি আলোচনা আৰম্ভ কৰে । নেটিজেনে লিখিবলৈ আৰম্ভ কৰিলে যে সাক্ষাৎকাৰত উৰ্ৱশীয়ে যি "আৰ পি"ৰ কথা কৈছে, তেওঁ আন কোনো নহয় ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পণ্ট ।