চিটাৰা ডেস্ক, ২৩ আগষ্ট: চলিত বৰ্ষত আই চি চিৰ ত্ৰয়োদশ ক্ৰিকেট বিশ্বকাপ ২০২৩ আয়োজন হ’ব ৷ এইবাৰ বিশ্বৰ ১০টা দলে এই বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু ফাইনেলকে ধৰি মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব । এতিয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ট্ৰফীক লৈ বিশ্ববাসীৰ মাজত উৎসাহৰ সৃষ্টি হৈছে আৰু ইয়াৰ লগতে এইবাৰ কোন কোন বিজয়ী হ’ব সেয়াও লক্ষণীয় হ’ব । চলিত বৰ্ষৰ অক্টোবৰ মাহত এই প্ৰতিযোগিতা আৰম্ভ হ’ব ।
একে সময়তে ক্ৰিকেটৰ মজা আৰু অধিক বাঢ়ি যেতিয়া ক্ৰিকেটাৰৰ সৈতে বলীউডৰ সুন্দৰীসকলৰ প্ৰেমৰ কাহিনীবোৰ তাৰ লগত সংযোজন হ’বলৈ আৰম্ভ কৰে । বাৰু যিয়ে নহওক, আই চি চি ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ ট্ৰফী সন্দৰ্ভত বলীউডৰ পৰা আহিছে এটা ডাঙৰ খবৰ । ক্ৰিকেট বিশ্বকাপ ২০২৩ ৰ ট্ৰফী উন্মোচন কৰিব বলীউডৰ সুন্দৰী অভিনেত্ৰী উৰ্বশী ৰাউটেলাই । উল্লেখ্য যে এগৰাকী চলিচ্চিত্ৰ অভিনেত্ৰীয়ে ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰা এয়াই প্ৰথম হ’ব ৷
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ট্ৰফীৰ সৈতে নিজৰ ছবি শ্বেয়াৰ কৰি অনুৰাগীক এই ভাল খবৰ দিছে খোদ উৰ্বশীয়ে। লগতে কোৱা হৈছে যে তেওঁ এনে কৰা প্ৰথমগৰাকী চেলিব্ৰিটি হ’ব । বিশ্বৰ সাতটা আশ্চৰ্য্যৰ ভিতৰত অন্যতম ইউৰোপীয় দেশ ফ্ৰান্সৰ ৰাজধানী পেৰিছত থকা আইফেল টাৱাৰৰ সন্মুখত ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ট্ৰফী উন্মোচন কৰিব অভিনেত্ৰীগৰাকীয়ে ।