অসম

assam

Uorfi Javed New Dress: এইবাৰ উৰ্ফীৰ নতুন ড্ৰেছ দেখি হতবাক হৈ পৰিল নেটিজেন; ক’লে, কোনে খালে ?

By

Published : May 9, 2023, 8:00 PM IST

নতুন পোছাকত উৰ্ফী জাভেদে শ্বেয়াৰ কৰিলে ছবি আৰু ভিডিঅ’ (Uorfi Javed New Dress) ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হয় উৰ্ফী জাভেদ ৷ চাওক উৰ্ফীৰ নতুন ড্ৰেছৰ ছবি ৷

Urfi Javed wears a bubble gum top
নতুন পোছাকত উৰ্ফী জাভেদে শ্বেয়াৰ কৰিলে ছবি

চিটাৰা ডেস্ক, 9 মে’: প্ৰায়ে নিজৰ ফেশ্বন চেন্সৰ দ্বাৰা ছ’চিয়েল মিডিয়াৰ শিৰোনাম দখল এগৰাকী অভিনেত্ৰী ৷ কেতিয়াবা যদি চুলি, কেতিয়াবা আকৌ ৰচিৰে ড্ৰেছ বনাই পৰিধান কৰে অভিনেত্ৰীগৰাকী ৷ হয় এতিয়ালৈকে হয়তো গমেই পাইছে কাৰ কথা ক’বলৈ লৈছো ৷ নহয়নে ? হয়, আমি কৈছো উৰ্ফী জাভেদৰ কথা ৷ শেহতীয়াকৈ উৰ্ফীয়ে নতুন ড্ৰেছৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ ৷ কিন্তু এইবাৰ আপোনাৰো কল্পনাৰ বাহিৰত ড্ৰেছ বনাইছে উৰ্ফীয়ে (Urfi Javed Latest dress) ৷

এইবাৰ কিৱি অথবা নখৰে নহয় এইবাৰ উৰ্ফীয়ে এক ব্যতিক্ৰমী বস্তুৰে ড্ৰেছ বনাইছে, যিটো হয়টো আপুনি কল্পনাও কৰিব নোৱাৰিব ৷ ইতিমধ্যেই উৰ্ফীৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টোত উৰ্ফীয়ে চ্যুইংগামৰ টপ বনাই পৰিধান কৰা দেখা পোৱা গৈছে (Urfi Javed latest news) ৷ হয়, শুনিবলৈ অদ্ভুত হ’লেও যিহেতু উৰ্ফী ব্যতিক্ৰম সেয়াহে উৰ্ফীৰ সাজো ব্যতিক্ৰম (Urfi Javed wears a bubble gum top) ৷

চ্যুইংগামৰ টপ পৰিধান কৰিছে উৰ্ফীয়ে

উৰ্ফী জাভেদে প্ৰায়ে ছ’চিয়েল মিডিয়াত নিজৰ অদ্ভুত সাজ-পোছাকৰ ছবি শ্বেয়াৰ কৰে । শেহতীয়াকৈ উৰ্ফীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা নতুন পোষ্ট কৰিছে । য’ত উৰ্ফীয়ে বাবলগামৰ পৰা নিৰ্মিত পোছাক পৰিধান কৰা দেখা গৈছে। ছবিবোৰত জিন্সৰ সৈতে চ্যুইংগামৰ টপ পৰিধান কৰা দেখা পোৱা গৈছে উৰ্ফীক । লগতে বাবলগাম চোবাই থকাও দেখা গৈছে উৰ্ফীক (Uorfi Javed New Dress) ৷

উৰ্ফীৰ এই ড্ৰেছ দেখি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী হতবাক

একাংশই উৰ্ফী জাভেদৰ নতুন ৰূপৰ বাবে প্ৰশংসা কৰিছে, আন বহুতেই আকৌ ট্ৰ’লো কৰিছে । এই ভিডিঅ’টোৰ ওপৰত মন্তব্য কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ইমান বাবলগাম কোনে খালে ?’ আনহাতে আন এজনে লিখিছে, ‘এইটোৰ পিচত মোৰ হৃদয় ভাঙি গ’ল’। এজন ইনষ্টা ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, ‘চ্যুইংগাম খোৱাৰ পিচত নিশ্চয় কিমান দিন জমা হৈছিল ।’

উল্লেখ্য যে, উৰ্ফী জাভেদ এতিয়া যথেষ্ট জনপ্ৰিয় হৈ পৰিছে । শেহতীয়াকৈ উৰ্ফীক বিখ্যাত ডিজাইনাৰ আবু জানি আৰু সন্দীপ খোছলাৰ সৈতে দেখা গৈছিল । ইয়াৰ উপৰিও ডিজাইনাৰ অমিত আগৰৱালাৰ নতুন ষ্ট’ৰ উদ্বোধন অনুষ্ঠানতো দেখা পোৱা গৈছিল উৰ্ফীক । ইয়াৰ মাজতে বলীউডৰ মোহময়ী তথা প্ৰবীণ অভিনেত্ৰী জিনাত আমানৰ সৈতে কথা পতাৰ ভিডিঅ’ও ভাইৰেল হৈ পৰে উৰ্ফীৰ ।

লগতে পঢ়ক:Urfi Javed: হোটেলৰ মেনেজাৰৰ সৈতে বাক বিতণ্ডাত লিপ্ত হ’ল উৰ্ফী, কিন্তু কিয় ?

ABOUT THE AUTHOR

...view details