টিটাৰা ডেস্ক, 10 এপ্ৰিল: নিজৰ অদ্ভূত ফেশ্বনৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা উৰ্ফী জাভেদ যোৱা কিছুদিনৰ পৰা ইটোৰ পিচত সিটোকৈ বিতৰ্কত নাম সাঙোৰ খাইছে ৷ শেহতীয়াকৈ উৰ্ফী জাভেদৰ বিষয়ে কোৱা হৈছে যে, তেওঁ বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰক ‘গ’ টু হেল অৰ্থাৎ ‘নৰকলৈ যাওক’ বুলি কৈছে । উৰ্ফী জাভেদৰ এই মন্তব্যৰ পিচতে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পিচতে এই খবৰবোৰৰ সন্দৰ্ভত উৰ্ফী জাভেদে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Urfi Javed and Ranbir) ।
উৰ্ফীয়ে ৰণবীৰৰ সন্দৰ্ভত কোৱা এই কথাৰ বিষয়ে স্পষ্টকৈ অস্বীকাৰ কৰিছে আৰু এই বিষয় সন্দৰ্ভতো তেওঁ নিজৰ স্পষ্টীকৰণ দিছে । ছ’চিয়েল মিডিয়াত উৰ্ফী জাভেদে এই কথা ক’ব বিচৰা নাছিল বুলিও উল্লেখ কৰে (Urfi Javed Reacts To Ranbir Kapoors Remark)।
উৰ্ফী জাভেদে নিজৰ মন্তব্য স্পষ্ট কৰি লিখিছে, ‘‘মই কেতিয়াও কোৱা নাছিলো যে ৰণবীৰ নৰকলৈ যাব লাগে, কৰীণাই মোক প্ৰশংসা কৰিছে, গতিকে মই অলপ কৌতুক হৈ পৰিছিলো, মই কৌতুক কৰিছো, মই সুখী, ৰণবীৰে মোৰ বিষয়ে যি কৈছে সেইটো হৈছে তেওঁৰ দৃষ্টিভংগী, তেওঁ তেনেকৈ কোৱাত মোৰ কোনো আপত্তি নাই, সঁচাকৈয়ে নৰকলৈ যাবলৈ কোৱা নাছিলো ।’’