চিটাৰা ডেস্ক, 24 জুলাই: প্ৰায়ে ছ’চিয়েল মিডিয়াত চৰ্চাত থাকে এগৰাকী অভিনেত্ৰী ৷ অৱশ্যে অভিনয়ৰ বাবে নহয়, নিজৰ অদ্ভুত কাপোৰৰ বাবে হে চৰ্চাত থাকে ৷ হয়, আমি কৈছো উৰ্ফী জাভেদৰ কথা ৷ প্ৰায়ে নিজৰ অদ্ভুত কাপোৰৰ বাবে চৰ্চাত থাকে উৰ্ফী ৷ অদ্ভুত সাজ-পোছাক পৰিধান কৰি প্ৰায়ে পাপাৰাজীৰ সন্মুখত পোজ দিয়া দেখা যায় উৰ্ফীক ৷ শেহতীয়াকৈ বিমানবন্দৰত উপস্থিত হৈছিল উৰ্ফী, কিন্তু সেই স্থানত এজন বয়সস্থ ব্যক্তিয়ে উৰ্ফীক দেখি এনে মন্তব্য কৰিলে যি শুনি খঙত অগ্নিশৰ্মা হৈ পৰে উৰ্ফী ৷
বয়সস্থ লোকজনে উৰ্ফীয়ে পৰিধান কৰা সাজ-পোছাকৰ বাবে উৰ্ফীক কটু সমালোচনা কৰে ৷ অৱশ্যে লোকজনৰ কথা শুনি ৰৈ নাথাকিল উৰ্ফী, উৰ্ফী জাভেদেও ব্যক্তিজনৰ ওপৰত উজাৰে নিজৰ ক্ষোভ ।
বিমানবন্দৰত উৰ্ফীক কটু মন্তব্য এজন বয়সস্থ লোকৰ
ছ’চিয়েল মিডিয়াত উৰ্ফী জাভেদৰ এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে, য’ত উৰ্ফীক বিমানবন্দৰৰ ভিতৰত সেউজীয়া ৰঙৰ বেকলেছ কটন মেক্সি ড্ৰেছ পৰিধান কৰা দেখা গৈছে । পাপাৰাজীয়ে উৰ্ফীৰ ফটো লৈ থকাৰ সময়তে দুয়োহাতে ষ্টীলৰ গ্লাছ লৈ থকা এজন বয়সস্থ ব্যক্তিয়ে উৰ্ফীলৈ চাই ক’লে – ইণ্ডিয়া মে আইছা নাহি হোতা, হামাৰা নাম খৰাব হো ৰাহা হে ।
এই কথাত উৰ্ফীয়ে ব্যক্তিজনক কয়- ‘আপোনাৰ পিতৃৰ কিবা ক্ষতি হৈছে নেকি ? আপোনাৰ পিতৃৰ একো ক্ষতি হোৱা নাই নহয়, গতিকে আপুনি আপোনাৰ কাম কৰক ৷ ' ইয়াৰ পিচত উৰ্ফী সেই স্থানৰ পৰা ওলাই আহে ৷
এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ একাংশই যদি উৰ্ফীক সমৰ্থন কৰিছে, আন একাংশই আকৌ সেই ব্যক্তিজনৰ সমৰ্থন কৰা দেখা গৈছে ৷ এজন ব্যৱহাৰকাৰীয়ে ক’লে- আচাৰ-ব্যৱহাৰ কি, আপুনি নিশ্চয় আপোনাৰ পিতৃৰ লগতো এনেকৈ ব্যৱহাৰ কৰিছিল । আন এজনে ক’লে -তেওঁ আপোনাৰ পিতৃৰ বয়সৰ । এজনে ক’লে - ঠিকেই কৈছে তেওঁ । এজন ব্যৱহাৰকাৰীয়ে ক’লে – এইটো প্ৰথমবাৰৰ বাবে হৈছে, কোনোবাই উৰ্ফীৰ মুখত এই কথা কৈছে।
লগতে পঢ়ক:Akanksha Juneja Fraud: অনলাইনত খাদ্য অৰ্ডাৰ কৰি প্ৰৱঞ্চনাৰ বলি সাথ নিভানা সাথিয়াৰ এইগৰাকী অভিনেত্ৰী