চিটাৰা ডেস্ক, 1 ফেব্ৰুৱাৰী : ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্রীয় বাজেট 2023-2024 ত কেতবোৰ ঘোষণা কৰাৰ সময়তে নেটিজেনে ছ’চিয়েল মিডিয়াত মিম শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰে ৷ বাহুবলীৰ পৰা মোগল-ই-আজম আৰু মুন্নাভাই এমবিবিএছলৈকে অনুপ্ৰেৰিত মিমেৰে ভৰি পৰিছে টুইটাৰ ৷
কেন্দ্ৰীয় বাজেট 2023 ৰ প্ৰতি আটাইতকৈ ধেমেলীয়া ৰূপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেটিজেনসকলে ৷ এফ.এম.-এ আয়কৰ ৰেহাই 7 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ পিছত, টুইটাৰত মধ্যবিত্ত শ্ৰেণীৰ অনুভৱ স্পষ্টকৈ ফুটাই তোলা মিমবোৰ শ্বেয়াৰ কৰিছে নেটিজেনে ।
নেটিজেনসকলে ৰণবীৰ কাপুৰৰ ছবি ৰকষ্টাৰ আৰু জনপ্ৰিয় টেলিভিছন শ্ব’ তাৰক মেহতা কা উলতা চশমাৰ ক্লিপ বিচাৰি উলিয়াই বাজেট 2023 ৰ ওপৰত মিম বনাইছে ।
কেন্দ্ৰীয় বাজেট 2023 ৰ আয়কৰ ৰেহায়ে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে যেন লাগিছে । আয়কৰ ৰেহাইৰ পৰিৱৰ্তনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন নেটিজেনে হৰ দিল জো প্যাৰ কাৰেগাৰ পৰা ছলমান খানৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, লগতে এইছা পেহলী বাৰ হুৱা হে বুলি এজন নেটিজেনে লিখিছে ।
আন এজন ব্যৱহাৰকাৰীয়ে এছ এছ ৰাজামৌলীৰ ছবি বাহুবলীৰ কলাজ শ্বেয়াৰ কৰি কেন্দ্ৰীয় বাজেট 2023 ৰ আয়কৰ ৰেহাইৰ বাবে কৰদাতাৰ মাজত দেখা দিয়া প্ৰত্যাশাক চিত্ৰিত কৰিছে ।
সুশান্ত সিং ৰাজপুত অভিনীত এম এছ ধোনিৰ এটা দৃশ্য শ্বেয়াৰ কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ইউনিয়ন বাজেট 2023 ৰ আয়কৰ ৰেহাই" ৷