চিটাৰা ডেস্ক, 5 মে’: আজি ছবিগৃহত মুক্তি পাবলগীয়া বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ৰ প্ৰদৰ্শন বাতিল কৰিছে কেৰালাৰ কোচি চহৰৰ দুটা ছবিগৃহই (The Kerala Story released)। লুলু মল আৰু চেণ্টাৰ স্কোৱাৰ মলৰ চিনেপলিছে বাতিল কৰিছে ছবিখনৰ প্ৰদৰ্শন ৷ অৱশ্যে এই সিদ্ধান্তৰ আঁৰৰ কোনো কাৰণ উল্লেখ কৰা নাই ছবিগৃহ কৰ্তৃপক্ষই । এতিয়া কোচি চহৰত বাকী আছে মাত্ৰ এটা ছবিগৃহ (Kerala Story shows cancelled) ৷ বাকী থকা ‘শ্বেনয়ছ’ থিয়েটাৰত আজি পুৱা ১০.০০ বজাৰ পৰা প্ৰদৰ্শন কৰা হৈছে ছবিখন (The Kerala Story) ।
ইয়াৰ পূৰ্বে কেৰালাৰ ৫০ খন পৰ্দাত ছবিখন প্ৰদৰ্শনৰ বাবে বিতৰকসকলৰ সৈতে ছবিগৃহসমূহে চুক্তিবদ্ধ কৰিছিল যদিও মুক্তিৰ ঠিক পূৰ্বেই পিছুৱাই যায় ছবিগৃহৰ কৰ্তৃপক্ষ ৷ পিচত ছবিখনে মাত্ৰ ১৭ খন পৰ্দাত প্ৰদৰ্শন কৰিবলৈ সন্মত হয় । অৱশ্যে এতিয়ালৈকে ছবিখন কিমান ছবিগৃহত প্ৰদৰ্শিত হ’ব সেয়া স্পষ্ট হোৱা নাই । ইয়াৰ মাজতে এৰ্নাকুলাম জিলাত এই ছবিখন প্ৰদৰ্শন কৰিবলৈ গৈ আছে মাত্ৰ তিনিটা ছবিগৃহই (Chief Minister Pinarayi Vijayan)। কোচি চহৰৰ শ্বেনয়ছ, কৰিয়াদৰ কাৰ্নিভাল চিনেমা আৰু পিৰাভমৰ ধৰ্ষনা চিনেমা কমপ্লেক্সত প্ৰদৰ্শিত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’।
ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবেই ছবিগৃহসমূহে এই ছবিখন প্ৰদৰ্শন কৰিবলৈ অস্বীকাৰ কৰিছে (Kerala Story controversy) ৷ সুদীপ্ত সেনৰ নেতৃত্বত আৰু বিপুল অমৰুতলাল শ্বাহৰ প্ৰযোজনাত নিৰ্মিত ছবিখনক লৈ বিভিন্ন নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বৃহৎ ৰাজনৈতিক বিবাদৰ সৃষ্টি কৰিছে (Theatres cancel Kerala Story) ।