চিটাৰা ডেস্ক, 15 ডিচেম্বৰ :বছৰটোৰ দুখন বহুল চৰ্চিত চিনেমা কান্তৰা আৰু পুষ্পাক লৈ নেতিবাচক মন্তব্য দিছে ছবি পৰিচালক অনুৰাগ কাশ্যপে ৷ এই মন্তব্যত দ্বিমত প্ৰকাশ কৰিছে বিতৰ্কিত ছবি পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে ৷ তাৰ পিছতেই আৰম্ভ হয় দুই পৰিচালকৰ মাজত টুইটাৰ যুদ্ধ ৷
‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালকে অনুৰাগৰ শেহতীয়া বক্তব্যক লৈ মতানৈক্য প্ৰকাশ কৰাৰ পিছতে বুধবাৰে টুইটাৰত চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰী আৰু অনুৰাগ কাশ্যপৰ মাজত বাকযুদ্ধৰ সৃষ্টি হয় (Twitter war between Vivek Agnihotri Anurag Kashyap) । টুইটাৰত বিবেকে অনুৰাগ কাশ্যপৰ সাক্ষাৎকাৰৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে য’ত লিখা আছে, “কান্তৰা আৰু পুষ্পাৰ দৰে ছবিয়ে উদ্যোগটোক ধ্বংস কৰি আছে: অনুৰাগ কাশ্যপ” ৷
পোষ্টটো শ্বেয়াৰ কৰি বিবেকে লিখিছে, "বলীউডৰ একমাত্ৰ মিলৰ্ডৰ মতামতৰ সৈতে মই সম্পূৰ্ণ সম্পূৰ্ণৰূপে একমত নহয় । আপুনি একমত নেকি?"
বিবেকৰ এই টুইটৰ উত্তৰত 'গেংছ অৱ ৱাছেইপুৰ'ৰ পৰিচালকে লিখিছে, "ছাৰ আপকি গলতি নহি হ, আপ কি ফিল্মন কি ৰিচাৰ্ছ ভি এইচি হি হোটি হে জেইছে আপকি মেৰে কৰভাৰ্চেছন পে টুইট হে । আপকা ঔৰ আপকি মিডিয়া কা ভি চেম হাল হাে । কই নহি নেক্সট টাইম থোড়া ছিৰিয়াছ ৰিচাৰ্ছ কৰ লেনা .." ৷
বিবেকে ‘মনমৰ্জিয়ান’ পৰিচালকক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ওপৰত 4 বছৰীয়া গৱেষণামূলক কামটো মিছা বুলি প্ৰমাণ কৰিবলৈ কয় আৰু অনুৰাগৰ সদ্য মুক্তি পোৱা ছবি ‘দোবাৰা’ক পৰোক্ষভাৱে সমালোচনা কৰে ( Vivek Agnihotri twitter)।