চিটাৰা ডেস্ক, 25 ডিচেম্বৰ:দেওবাৰে অভিনেত্ৰী তুনিষা শৰ্মাক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পিছতে তেওঁৰ Co-starক গ্ৰেপ্তাৰ শ্বীজান খানক কৰা হয় ।
দেওবাৰে পুৱতি নিশা মহাৰাষ্ট্ৰৰ ৱালিভ আৰক্ষীয়ে(Maharashtra police) জনোৱা মতে, অভিযুক্তক শ্বীজান খান বুলি চিনাক্ত কৰা হৈছে, যাৰ বিৰুদ্ধে আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰা হৈছে(TV actress Tunisha Sharma death case)। শনিবাৰে এখন টিভি ধাৰাবাহিকৰ চেটত শৰ্মাই আত্মহত্যা কৰাৰ অভিযোগত এই কথা পোহৰলৈ আহিছে(waliv police on tunisha sharma death case)।
তুনিষাৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত শ্বীজান খানক ইতিমধ্যে পুৱা ১০ বজাত ভাছাই আদালতত হাজিৰ কৰোৱা হৈছে(Sheezan khan arrested)। তুনিষা শর্মাৰ মাতৃ তাহৰিৰ অভিযোগৰ সন্দৰ্ভত শ্বীজান খানৰ বিৰুদ্ধে ৱালিভ থানাত আত্মহত্যাৰ উচটনি দিয়াৰ গোচৰ ৰুজু কৰা হৈছে । তুনিষা শৰ্মাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা মুম্বাইৰ জে জে হাস্পতালত কৰা হৈছে(tunisha sharma dies by suicide)। ৫ জনীয়া চিকিৎসকৰ পেনেলে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে(tunisha sharma suicide case) । আজি বিয়লি মীৰা ৰোড শ্মশানত তুনিষাৰ শেষকৃত্য সম্পন্ন কৰা হ'ব । মীৰা ৰোডৰ শান্তি পাৰ্কত বাস কৰে টুনিছা শৰ্মাৰ পৰিয়াল ।
আনহাতে, ৱালিভ আৰক্ষীয়ে জনোৱা মতে, টিভি অভিনেত্ৰী তুনিষা শৰ্মাৰ মৃত্যুৰ গোচৰত ৱালিভ আৰক্ষীয়ে অভিনেত্ৰীগৰাকীৰ সহ অভিনেতা শ্বীজান খানৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে আই পি চিৰ ৩০৬ ধাৰাত গোচৰ ৰুজু কৰিছে ।