অসম

assam

ETV Bharat / entertainment

নতুন অসমীয়া ছবি "গংগা"ৰ ট্ৰীজাৰ মুকলি

অসমীয়া চলচ্চিত্ৰ 'গংগা-এখনি বোৱতী হিয়া'ৰ ট্ৰীজাৰ মুকলি ৷ মহানগৰীৰ কাদম্বৰী ষ্টুডিঅ'ত ছবিখনিৰ প্ৰথমটো ট্ৰীজাৰ মুকলি কৰে ছবিখনৰ সম্পাদক সমুজ্জল কাশ্যপে । আগন্তুত আগষ্ট মাহত গংগা ছবিখন চিত্ৰগৃহলৈ অহাৰ সম্ভাৱনা আছে ।

নতুন অসমীয়া ছবি
নতুন অসমীয়া ছবি "গংগা"ৰ ট্ৰীজাৰ মুকলি

By

Published : Apr 15, 2021, 10:41 PM IST

Updated : Jul 21, 2022, 3:34 PM IST

গুৱাহাটী, ১৫ এপ্ৰিল: চলিত বৰ্ষৰ জানুৱাৰী মাহত শুভাৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰ 'গংগা-এখনি বোৱতী হিয়া'ৰ দৃশ্যগ্ৰহণ সম্প্ৰতি সম্পূৰ্ণ হৈছে । বৰ্তমান সম্পাদনা কক্ষত থকা ছবিখনি পৰিচালনা কৰিছে কেবাখনো সফল অসমীয়া ছবিৰ পৰিচালক মনি সিনহাই আৰু প্ৰযোজনা কৰিছে বাচ্ছু ৰয়ে ।

নতুন অসমীয়া ছবি "গংগা"ৰ ট্ৰীজাৰ মুকলি

মঙলবাৰে মহানগৰীৰ কাদম্বৰী ষ্টুডিঅ'ত ছবিখনিৰ প্ৰথমটো ট্ৰীজাৰ মুকলি কৰা হয় । ছবিখনৰ সম্পাদক সমুজ্জল কাশ্যপে ট্ৰিজাৰ মুকলি কৰে । নাৰীকেন্দ্ৰিক বিষয়বস্তুৰ ওপৰত আধাৰিত ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে জনপ্ৰিয় নাট্যকাৰ তথা পৰিচালক অভিজিৎ ভট্টাচাৰ্যই ।

ছবিখনত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মূল চৰিত্ৰত অভিনয় কৰাৰ লগতে অন্যান্য চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে ক্ৰমে ৰাগ ঐনিতম, অৰূপ বৈশ্য, মুনমী কলিতা, যোগেশ কাশ্যপ, সঞ্জীৱ শৰ্মা, প্ৰণৱ শৰ্মা, ভাৰ্গৱ কটকী, অমিতাভ ৰাজখোৱা, বিশাল গগৈ, দীপাংকৰ, ভৈৰৱজ্যোতি ভূঞা, শিশু শিল্পী বেবী সৃষ্টি, অভিলাষা ডেকাৰ লগতে বহু ন-পুৰণি শিল্পীয়ে । ছবিখনত সংগীত পৰিচালনা কৰিছে অজয় ফুকনে । আগন্তুক আগষ্ট মাহত গংগা ছবিখন চিত্ৰগৃহলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:অনন্য ৰূপত কংগনা ৰাণাৱট

Last Updated : Jul 21, 2022, 3:34 PM IST

ABOUT THE AUTHOR

...view details