চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী: আজি অভিনেতা অজয় দেৱগণ আৰু কাজলৰ 24 সংখ্যক বিবাহ বাৰ্ষিকী (Ajay and Kajol 24rd marriage Anniversary) ৷ বলীউডৰ আটাইতকৈ মৰম লগা আৰু প্ৰিয় দম্পতী হৈছে অজয় দেৱগণ আৰু কাজল ৷ দুয়োৰে অন স্ক্ৰীণ আৰু অফ স্ক্ৰীণ কেমিষ্ট্ৰীয়ে হৃদয় জয় কৰিছিল দৰ্শকৰ লগতে তেওঁলোকৰ অনুৰাগীৰ । অজয় দেৱগণ আৰু কাজলে একেলগে প্ৰায় 9 খন ছবিত অভিনয় কৰিছে ।
উল্লেখ্য যে ৰূপালী পৰ্দাত ফ্লপ হোৱা অজয় আৰু কাজলৰ ছবি বাস্তৱ জীৱনত ইমানেই হিট যে মানুহে প্ৰেমৰ উদাহৰণ দিবলৈ তেওঁলোকৰ নাম লয় ৷ বি-টাউনৰ অন্যতম আদৰ্শ দম্পতী অজয় আৰু কাজলে ১৯৯৯ চনৰ ২৪ ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ দিনটোতে পৰিয়াল তথা অগ্নিক সাক্ষী কৰি বিবাহ পাশত আবদ্ধ হৈছিল । তেতিয়াৰে পৰা সকলোৰে বাবে দুয়োগৰাকী হৈ পৰে এক আদৰ্শ দম্পতী ৷ আজি অজয় আৰু কাজলৰ বিবাহ বাৰ্ষিকী উপলক্ষে জানো আহক তেওঁলোকৰ কিছুমান নজনা কথা . . .
দুয়োৰে স্বভাৱ চৰিত্ৰ সম্পূৰ্ণ পৃথক ৷ দুয়োৰে স্বভাৱ চৰিত্ৰত একো মিল নাই যদিও কিন্তু দুয়োৰে মাজত আছে এটা মিল - সেইটো হৈছে ইগৰাকীৰ সিগৰাকীৰ প্ৰতি থকা প্ৰেম ভালপোৱা ৷ বিপৰীত প্ৰকৃতিৰ দুগৰাকী মানুহৰ মাজত হোৱা "Kabhi Na tutne Wali" সম্পৰ্কই তেওঁলোকক সকলোৰে পৰা পৃথক কৰি তোলে ৷
কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে সকলো সম্পৰ্কই প্ৰথমে শক্তিশালী নহলেও লাহে লাহে সময়ৰ সুঁতত সম্পৰ্কবোৰ দৃঢ় আৰু গাঢ় হৈ গৈ থাকে ৷ তেনেকৈয়ে প্ৰাৰম্ভিক পৰ্যায়ত অজয় আৰু কাজলৰ সম্পৰ্কও ইমান শক্তিশালী কিম্বা গাঢ় নাছিল ৷ দুয়োৰে মাজত প্ৰথম অৱস্থাত কেৱল মাথো আছিল বিবাদ ।
কাজলৰ স্বভাৱটোক অজয়ে ভাল পোৱা নাছিল, সিংঘাম অজয়ৰ স্বভাৱকো ভাল পোৱা নাছিল অভিনেত্ৰীগৰাকীয়ে । কাজলক এসময়ত অহংকাৰী বুলি ভাবিছিল অজয়ে ৷ কিন্তু কয় নহয়, ভাগ্যত বিধাতাই লিখি দিলে কোনেনো মচিব পাৰে ৷ তেনেকুৱাই হ’ল এওঁলোকৰ ক্ষেত্ৰতো ৷ অজয় দেৱগনেও ক’ত জানিছিল বা ভাবিছিল যিগৰাকীক তেওঁ আটাইতকৈ অহংকাৰী ছোৱালী বুলি ভাবিছিল তেওঁৱেই এদিন পত্নী হৈ সিংঘামৰ হৃদয়ত শাসন কৰিব । হয়, প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায় ৷ তাৰেই এক জলন্ত উদাহৰণ অজয় আৰু কাজল ৷