অসম

assam

ETV Bharat / entertainment

Body shaming ৰ বাবে হীনমন্যতাত ভূগিছিল টাইটানিক খ্যাত কেট উইন্সলেট

টাইটানিকৰ অভিনেত্ৰী কেট উইন্সলেটে কৈছে যে তেওঁ এটা সময়ত Body shaming ৰ বাবে হীনমন্যতাত ভূগিছিল ৷ অভিনেত্ৰী কেট উইন্সলেটে বডি শ্বেমিংৰ বিষয়ে মুকলিকৈ কৈছে ৷ তেওঁ কয় যে কেনেকৈ ওজন বৃদ্ধিৰ পিছত তেওঁক সমালোচনা কৰা হৈছিল আৰু তেওঁক চৰ্বি বুলি মতা হৈছিল ।

kate winslet
কেট উইন্সলেট

By

Published : Dec 23, 2022, 1:18 PM IST

চিটাৰা ডেস্ক, 23 ডিচেম্বৰ :1997 চনত মুক্তি পোৱা ইতিহাসৰ অন্যতম এখন জনপ্ৰিয় হলীউড ছবি হৈছে জেমছ কেমেৰনৰ ‘টাইটানিক’ ৷ এই টাইটানিক ছবিখনৰ জেক আৰু ৰ’জৰ যুটি আৰু তেওঁলোকৰ মাজৰ প্ৰেম আজিও সকলোৰে মুখে মুখে থাকে ৷ এই দুই সুদৰ্শন তাৰকাৰ যুটি ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে অনুৰাগীয়ে বিচাৰিছিল কেট (ৰ’জ) আৰু লিঅ’নাৰ্ড (জেক) যাতে চিৰদিনৰ বাবে একেলগে থাকে ৷ ইমান জনপ্ৰিয়তাৰ মাজতো কিন্তু অভিনেত্ৰী গৰাকীয়ে হীনমন্যতাত ভূগিছিল ৷ কিয় জানেনে ?

Body shaming এ ঋণাত্মক কৰি পেলাইছিল কেটৰ মন ৷ টাইটানিক ছবিখনৰ অভিনেত্ৰী কেট উইন্সলেটে বডি শ্বেমিংৰ বিষয়ে মুকলিকৈ কৈছে । Body shaming ৰ কথা কওঁতে তেওঁ সেই সময়ত মানুহৰ পৰা শুনিবলৈ পোৱা মন্তব্যসমূহো শ্বেয়াৰ কৰে । অভিনেত্ৰীগৰাকীয়ে কয় যে ‘টাইটানিক’ মুক্তি পোৱাৰ পিছৰে পৰা তেওঁ বহু বেয়াকৈ Body shaming ৰ সন্মুখীন হৈছে । 47 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে কয় যে আগতে বহুতে তেওঁক মোটা বুলি সম্বোধন কৰিছিল ।

শেহতীয়াকৈ শ্ব’ এটাৰ এটা খণ্ডত টাইটানিকৰ অভিনেত্ৰী গৰাকীয়ে ছবিখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ দৃশ্যৰ বিষয়ে কথা পাতে । এই সময়ছোৱাত তেওঁ কয় যে সাধাৰণভাৱে চাবলৈ গ’লে তেওঁ শকত মানুহৰ শাৰীত পৰে । ছবিখন চাই মানুহৰ পৰা পোৱা সমালোচনাৰ সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয় যে, "তেওঁলোকে মোক লৈ ইমান বেয়া কিয় ভাবে, মই ইমান শকতো নাছিলোঁ তেতিয়া" । তেওঁ নিজৰ শৰীৰটোক লৈ লজ্জিত অনুভৱ কৰাৰ বিষয়ে কৈ লগতে কয় যে, ‘মই উত্তৰ দিলোঁহেঁতেন । মই ক’লোহেঁতেন, ‘আপুনি মোৰ লগত এনে ব্যৱহাৰ কৰিবলৈ কেনেকৈ সাহস পালে । মই এগৰাকী যুৱতী, সময়ৰ লগে লগে মোৰ শৰীৰত সলনি আহিবই, জীয়াই থকাটো অধিক কঠিন নকৰিব’ । তেওঁ জানিবলৈ দিয়ে যে নিৰাপত্তাহীনতা আৰু ভয় অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক :কেৱল কম বয়সীয়া মহিলাকহে কিয় ডেট কৰে লিঅ’নাৰ্ড ডিকাপ্ৰিঅ’ই

ABOUT THE AUTHOR

...view details