চিটাৰা ডেস্ক, 2 ফেব্ৰুৱাৰী :অক্ষয়কুমাৰ আৰু টাইগাৰ শ্ৰফৰ যুটীয়া নৃত্যই মতলীয়া কৰিছে অনুৰাগীক ৷এক্সন ষ্টাৰ টাইগাৰ শ্ৰফ আৰু অক্ষয় কুমাৰে আগন্তুক ছবি ‘চেলফী’ ৰ ‘মে খিলাড়ী’ গীতটোত একেলগে নৃত্য কৰিছে । ‘বড়ে মিয়ান ছোটে মিয়ান’ ৰ শ্বুটিং আৰম্ভ কৰা অক্ষয় আৰু টাইগাৰে একেলগে এই গীতটোত নৃত্য কৰে আৰু ভিডিঅ’টো অক্ষয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ( Akshay Kumar instagram) ।
ভিডিঅ’টোত দুয়োগৰাকী তাৰকাই একেই ডিজাইনৰ ক’লা ছানগ্লাছ আৰু ক’লা কাপোৰ পিন্ধা দেখা গৈছে ৷ ‘মে খিলাড়ী’ গানটোৰ হুক ষ্টেপত ৰীলছ্ বনালে টাইগাৰ আৰু অক্ষয়ে ৷ অক্ষয়ৰ 1994 চনৰ গান 'মে খিলাড়ী তু আনাৰী' ৰ পুনৰ নিৰ্মাণ এই গানটো ৷
তেওঁলোকৰ এখন বাগিচাত নৃত্য কৰাৰ ভিডিঅ'টো পোষ্ট কৰি অক্ষয়ে শিৰোনামটোত লিখিছে, "গতিকে @tigerjackieshroff এ মোৰ সৈতে #MainKhiladi খেলিছিল আৰু এইটো ঘটি গ’ল !! আপুনি আপোনাৰ bestie ৰ সৈতে #MainKhiladi ৰীলছ বনালে কেনেকুৱা হ'ব ? মই পুনৰ পোষ্ট কৰিম। #Selfiee" ৷