চিটাৰা ডেস্ক, 2 মাৰ্চ: বলীউডত ষ্টাণ্ট আৰু নৃত্যৰে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা টাইগাৰ শ্ৰফৰ আজি 33 সংখ্যক জন্মদিন (Happy Birthday Tiger Shroff) ৷ ২০১২ চনত হিৰ’পন্টি ছবিৰ জৰিয়তে বলীউডত আত্ম প্ৰকাশ কৰিছিল টাইগাৰে ৷ পৰবৰ্তী সময়ত বাঘী, হিৰ’পন্টি 2 , ৱাৰৰ দৰে ৰোমান্টিক আৰু একচন ছবিত নিজৰ মন্ত্ৰমুগ্ধ অভিনয়ৰ বাবে আৰু অধিক জনপ্ৰিয় হৈ পৰে অভিনেতাগৰাকী (Know unknown things about Tiger) ৷
টাইগাৰৰ ব্যক্তিগত জীৱন আৰু তেওঁৰ প্ৰকৃত নাম
১৯৯০ চনৰ ২ মাৰ্চত জন্ম হৈছিল টাইগাৰৰ ৷ টাইগাৰ শ্ৰফৰ প্ৰকৃত নাম জয় হেমন্ত শ্ৰফ (Tiger Shroff real name) ৷ ভাৰতীয় চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা জেকী শ্ৰফ আৰু প্ৰযোজক আয়েশা দত্তৰ পুত্ৰ হৈছে টাইগাৰ শ্ৰফ । কৃষ্ণ শ্ৰফ নামৰ এগৰাকী সৰু ভগ্নীও আছে অভিনেতাগৰাকীৰ ।
উল্লেখ্য যে, পিতৃৰ ফালৰ পৰা তেওঁ গুজৰাটী আৰু তুৰ্কমেন বংশৰ ৷ আনহাতে মাতৃৰ ফালৰ পৰা তেওঁ বাংলা আৰু বেলজিয়াম বংশৰ । ভগৱান শিৱৰ এজন প্ৰকৃত ভক্ত হয় অভিনেতাগৰাকী ৷ প্ৰতি সোমবাৰে আৰু মহাশিৱৰাত্ৰি উৎসৱৰ সময়ত তেওঁ ব্ৰত পালন কৰে।
আমেৰিকান স্কুল অৱ বম্বেত অধ্যয়ন কৰিছিল অভিনেতাগৰাকী । মাৰ্শাল আৰ্টৰ অভিজ্ঞতাৰ বাবে অভিনেতাগৰাকী প্ৰায়ে আন অভিনেতাসকলক চলচ্চিত্ৰৰ বাবে প্ৰশিক্ষণ দিয়াত সহায় কৰিছিল ৷ ২০১৪ চনত অভিনেতাগৰাকী টাইকোৱাণ্ডোত পঞ্চম ডিগ্ৰী ব্লেক বেল্টৰ সন্মান লাভ কৰিছিল ৷