অসম

assam

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 3:00 PM IST

ETV Bharat / entertainment

Tiger 3 New Poster: টাইগাৰ ৩ৰ পৰা মুকলি ইমৰাণ হাছমীৰ পোষ্টাৰ, ছলমানে ক’লে- এনে শত্ৰুতাৰ মজাই বেলেগ

টাইগাৰ ৩ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচতে এতিয়া ছলমান খানে ছবিখনৰ পৰা ইমৰাণ হাছমীৰ লুকৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে ।

Tiger 3: Makers introduce Emraan Hashmi as 'anti-hero' Aatish after fiery glimpse in film's trailer
ইমৰাণ হাছমীৰ পোষ্টাৰ

চিটাৰা ডেস্ক, 17 অক্টোবৰ: মুক্তি লাভ কৰিলে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি ‘টাইগাৰ ৩’ৰ শক্তিশালী ট্ৰেইলাৰ । ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ পৰা লাভ কৰিছে ইতিবাচক সঁহাৰি । ট্ৰেইলাৰটোত ছলমান খানৰ শক্তিশালী ৰূপে স্তম্ভিত কৰি তুলিছে অনুৰাগীক । ইফালে ট্ৰেইলাৰৰ শেষত ছবিখনৰ মূল খলনায়ক ইমৰাণ হাছমীৰ শক্তিশালী প্ৰৱেশ দেখা যায় । অৱশ্যে ২ মিনিট ৫১ ছেকেণ্ডৰ এই ট্ৰেইলাৰটোত ইমৰাণৰ এটি অতি সৰু আভাসহে দেখা গৈছিল । এতিয়া ছবিখনৰ এখন নতুন পোষ্টাৰ মুকলি কৰা হৈছে, য’ত ইমৰাণক এক আচৰিত ৰূপত দেখা গৈছে ।

টাইগাৰ ৩ৰ নতুন পোষ্টাৰত ইমৰাণ হাছমীৰ লুক

16 অক্টোবৰত ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ কিছু সময়ৰ পিচতে ছবিখনৰ নিৰ্মাতাই ছলমান খান, কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীৰ সৈতে এখন নতুন পোষ্টাৰ মুকলি কৰিছিল । অনুৰাগীয়ে এই তিনিগৰাকীৰ আভাস পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ ইফালে এতিয়া নিৰ্মাতাই ছ’চিয়েল মিডিয়াত আন এখন পোষ্টাৰ মুকলি কৰিছে, য’ত ইমৰাণক খলনায়কৰ ৰূপত দেখা গৈছে ৷ পোষ্টাৰখনত হাতত বন্দুক আৰু গম্ভীৰ লুকত দেখা গৈছে ইমৰাণক ৷

ইফালে ইমৰাণ হাছমীৰ এই পোষ্টাৰখন ছলমান খানেও শ্বেয়াৰ কৰিছে ৷ ইমৰাণ হাছমীৰ পোষ্টাৰ শ্বেয়াৰ কৰি ভাইজানে লিখিছে, ‘টাইগাৰ ৩ত আতচবাজী কৰিব আতিশে, এনে শত্ৰুতাৰ মজাই সুকীয়া ৷’’ ছবিখনত ইমৰাণক আতিশ নামৰ খলনায়কৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। এই পোষ্টাৰখন শ্বেয়াৰ কৰাৰ পাচতে ইমৰাণৰ লুকক লৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হয় চৰ্চা ৷

'টাইগাৰ ৩' কেতিয়া মুক্তি পাব ?

‘টাইগাৰ ৩’ৰ কথা ক’বলৈ গ’লে YRF ৰ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি । ছলমান খানৰ উপৰিও কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীক মুখ্য চৰিত্ৰত দেখা যাব ছবিখনত । ছবিখনত ইমৰাণক নেতিবাচক চৰিত্ৰত দেখা যাব । উল্লেখ্য যে, ছবিখন পৰিচালনা কৰিছে মনীষ শৰ্মাই । দীপাৱলী উপলক্ষে 12 নৱেম্বৰত মুক্তি পাব ছবিখন । ছলমান খানৰ এই ছবিখন হিন্দী, তামিল আৰু তেলুগু ভাষাতো মুক্তি পাব ।

লগতে পঢ়ক:Tiger 3 Trailer: দেশ নে পৰিয়াল ? কাৰ পক্ষত থিয় দিব টাইগাৰ? মুক্তি পালে ছলমান খানৰ টাইগাৰ 3ৰ জোৰদাৰ ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details