অসম

assam

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 3:30 PM IST

ETV Bharat / entertainment

Tiger 3 First Song Teaser: টাইগাৰ ৩ ৰ প্ৰথমটি গীতৰ টিজাৰ মুকলি

আজি ‘টাইগাৰ ৩’ৰ প্ৰথমটো গীতৰ টিজাৰ মুকলি কৰা হৈছে । অহা ২৩ অক্টোবৰত মুক্তি পাব ছবিখনৰ সম্পূৰ্ণ গীত ।

tiger 3 first song Leke Prabhu Ka Naam teaser out now, watch
টাইগাৰ ৩ প্ৰথম গীতৰ টিজাৰ

চিটাৰা ডেস্ক, 10 অক্টোবৰ: ছলমান খান আৰু কেটৰিণা কাইফৰ বহু প্ৰত্যাশিত ছবি ‘টাইগাৰ ৩’ ৰ শেহতীয়াকৈ ট্ৰেইলাৰ মুকলি হৈছে ৷ ট্ৰেইলাৰ মুক্তিৰ পিচতে অনুৰাগীয়ে ছবিখনৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ অনুৰাগীৰ অপেক্ষাৰ মাজতে ছলমানে বৃহস্পতিবাৰে ছবিখনৰ প্ৰথমটি গীতৰ কথা ঘোষণা কৰিছিল ৷ লগতে গীতটিৰ সৈতে ছলমানে ঘোষণা কৰিছিল যে ছলমানৰ ছবিত পোনপ্ৰথমবাৰৰ বাবে অৰিজিতে কণ্ঠদান কৰিব ৷ এই খবৰ লাভ কৰাৰ পিচৰে পৰা অনুৰাগী উচাহ আৰু দুগুণ বৃদ্ধি পাইছিল ৷ কাৰণ পূৰ্বে ছলমান আৰু অৰিজিতৰ মাজত মনোমালিন্য আছিল ৷ যাৰ বাবে অৰিজিতে কেতিয়াও ছলমানৰ ছবিত গীত গোৱাৰ সুযোগ পোৱা নাছিল ৷ কিন্তু ছলমানৰ এই ঘোষণাৰ পিচৰে পৰা স্পষ্ট হৈ পৰিছে যে এতিয়া দুয়োৰে মাজৰ মনোমালিন্য দূৰ হৈছে ৷

ইফালে আজি ‘টাইগাৰ ৩’ৰ প্ৰথমটো গীতৰ টিজাৰ মুক্তি দিয়া হৈছে । গীতটিৰ নাম ‘লেকে প্ৰভু কা নাম’ ৷ গীতটিৰ টিজাৰ যশ ৰাজ ফিল্মছৰ ইউটিউব চেনেলত আপলোড কৰিছে নিৰ্মাতাই । অহা ২৩ অক্টোবৰত মুক্তি পাব ছবিখনৰ সম্পূৰ্ণ গীত ।

শুকুৰবাৰে ছলমান খানে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত ‘লেকে প্ৰভু কা নাম’ৰ টিজাৰ শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘‘টাইগাৰ আৰু জ’য়া, পাৰ্টিৰ বাবে সাজু হওক । লেকে প্ৰভু নাম অহা ২৩ অক্টোবৰত ঢৌ তুলিবলৈ আহি আছে । চমু আভাস চাওক... অহা ১২ নৱেম্বৰত চিনেমাগৃহলৈ আহি আছে 'টাইগাৰ ৩'। হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব ।’’

‘লেকে প্ৰভু কা নাম’ৰ টিজাৰ

গীতটিৰ টিজাৰ আৰম্ভ হৈছে ছলমান খানৰ নামেৰে । ‘টাইগাৰ’ৰ কিছুমান ষ্টানিং লুক দেখুওৱা হৈছে । ইয়াৰ পিচত অনুৰাগীৰ মাজত কেটৰিণাৰ নামটো চিনাকি কৰাই দিয়া হৈছে । তাৰ পিচত অনুৰাগীক কোৱা হয় যে টাইগাৰ আৰু জ’য়া ঘূৰি আহিছে । চুটি ক্লিপটোৰ পৰা স্পষ্ট হৈ পৰিছে যে ছলমান আৰু কেটৰিণা কাইফ কেৱল পাৰ্টিৰ বাবেই সাজু হোৱাই নহয়, মৰুভূমিত নিজৰ আচৰিত নৃত্যৰ খোজ আৰু গ্লেমাৰেৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈও সাজু হৈছে ।

ছলমান খান (টাইগাৰ) আৰু কেটৰিণা কাইফ (জ’য়া)ৰ নৃত্যই অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । দুয়োৰে ‘চিজলিং কেমিষ্ট্ৰী’ক সকলোৱে প্ৰশংসা কৰিছে । ইফালে অহা ২৩ অক্টোবৰত মুক্তি পাব 'লেকে প্ৰভু কা নাম'ৰ সম্পূৰ্ণ গীত । একে সময়তে দীপাৱলী উপলক্ষে অহা ১২ নৱেম্বৰত ছবিগৃহত হিন্দী, তামিল আৰু তেলুগু ভাষাত মুক্তি পাব ।

লগতে পঢ়ক:Tiger 3 New Poster: টাইগাৰ ৩ৰ পৰা মুকলি ইমৰাণ হাছমীৰ পোষ্টাৰ, ছলমানে ক’লে- এনে শত্ৰুতাৰ মজাই বেলেগ

ABOUT THE AUTHOR

...view details