চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: দক্ষিণ চিনেমাৰ প্ৰবীণ অভিনেতা তথা ৰাজনীতিবিদ বিজয়কান্তৰ বৃহস্পতিবাৰে দেহাৱসান ঘটে । বৃহস্পতিবাৰে পুৱা ৭১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীয়ে । আজি তেওঁৰ মৃতদেহ কয়াম্বটুৰ কাৰ্যালয়ৰ পৰা আইলেণ্ড গ্ৰাউণ্ড, আন্না ছালাইলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে অনা হৈছে, য’ত সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে । ইফালে বিজয়কান্তৰ মৃত্যুৰ পিচত চিনেমা আৰু ৰাজনৈতিক জগতৰ প্ৰবীণ লোকসকলে শোক প্ৰকাশ কৰিছে । ডিএমডিকেৰ মুৰব্বীগৰাকীৰ মৃত্যুক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ছুপাৰষ্টাৰ ৰজনীকান্তে ।
বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ ৰজনীকান্তৰ
অভিনেতা ৰজনীকান্তে ডিএমডিকেৰ মুৰব্বী তথা অভিনেতা কেপ্টেইন বিজয়কান্তৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘‘নিজৰ প্ৰিয় বন্ধুক হেৰুওৱাটো দুৰ্ভাগ্যজনক আৰু অতি বেদনাদায়ক । আমি সকলোৱে ভাবি আছিলো যে তেওঁ স্বাস্থ্যজনিত সমস্যাৰ পৰা সুস্থ হৈ উঠিব, কিন্তু অলপতে ডি এম ডি কেৰ বৈঠকত বিজয়কান্তক দেখি মোৰ অলপ আশা হেৰাই গৈছিল । তেওঁ সুস্থ হৈ থকা হ’লে তামিলনাডুৰ ৰাজনীতিত তেওঁ শক্তিশালী হ’লহেঁতেন, তেওঁ ৰাইজৰ বাবে বহুত ভাল কাম কৰিব পাৰিলেহেঁতেন ৷’’
উশাহ-নিশাহ লোৱাত অসুবিধা হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল