অসম

assam

ETV Bharat / entertainment

Priyanka Chopra: কন্যাৰ সৈতে সিদ্ধিবিনায়কত উপস্থিত প্ৰিয়ংকা; নেটিজেনে ক’লে -তেওঁলোকে আমাক অনুমতি নিদিয়ে... - সিদ্ধিবিনায়ক মন্দিৰ

বৃহস্পতিবাৰে প্ৰিয়ংকা চোপ্ৰা কন্যা মালতী মেৰীক লৈ ভগৱান গণেশৰ আশীৰ্বাদ বিচাৰি উপস্থিত হয় মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত (Priyanka Chopra visits Siddhivinayak with daughter) ৷ ছ’চিয়েল মিডিয়াত মন্দিৰৰ ছবি শ্বেয়াৰ কৰাৰ পিচতে সৃষ্টি হয় বিতৰ্কৰ ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

They dont allow us Netizesn divided as Priyanka Chopra visits Siddhivinayak with daughter
মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত প্ৰিয়ংকা চোপ্ৰা

By

Published : Apr 7, 2023, 12:57 PM IST

চিটাৰা ডেস্ক, 7 এপ্ৰিল: গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰা জ’নাছ সম্প্ৰতি ব্যস্ত নিজৰ আগন্তুক ধাৰাবাহিক ‘চিটাডেল’ৰ প্ৰচাৰত। ইফালে চিটাডেলৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে বৃহস্পতিবাৰে কন্যা মালতী মেৰীৰ সৈতে অভিনেত্ৰীগৰাকী উপস্থিত হয় সিদ্ধিবিনায়ক মন্দিৰত আৰু মন্দিৰত উপস্থিত হৈ গণপতি বাপ্পাৰ আশীৰ্বাদ লয় (Priyanka Chopra visits Siddhivinayak with daughter)।

গ্ল’বেল ষ্টাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াত সিদ্ধিবিনায়ক ভ্ৰমণৰ দুখন ফটো শ্বেয়াৰ কৰিছে ৷ ফটো দুখনত প্ৰিয়ংকাই মালতীক কোলাত লৈ থকা দেখা পোৱা গৈছে । অভিনেত্ৰীগৰাকীক মন্দিৰৰ পৰম্পৰাগত সাজ পৰিধান কৰা দেখা যায় । ভগৱান গণেশৰ মূৰ্তিৰ সন্মুখত মাতৃ-কন্যাই প্ৰাৰ্থনা কৰে (Priyanka Chopra visits Siddhivinayak)।

ইফালে অভিনেত্ৰীগৰাকীয়ে ছবিবোৰ শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পিচতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ছবিবোৰ ৷ ছ’চিয়েল মিডিয়াত ছবিবোৰ ভাইৰেল হোৱাৰ পিচতে সৃষ্টি হয় এক বিতৰ্কৰ ৷ কিন্তু পিচিক লৈ নহয় এই বিতৰ্ক, এই বিতৰ্ক হয় মন্দিৰ কৰ্তৃপক্ষক লৈ (Priyanka Chopra siddhivinayak with malti marie) ।

হয়, পিচিয়ে এই ছবিবোৰ শ্বেয়াৰ কৰাৰ পিচতে একাংশ ব্যৱহাৰকাৰীয়ে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কন্যাক ভাৰতীয় সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবে প্ৰশংসা কৰাৰ বিপৰীতে আন কিছুমানে অভিনেত্ৰীগৰাকীৰ প্ৰতি নহয়, মন্দিৰ কৰ্তৃপক্ষৰ প্ৰতি ক্ষুব্ধ হৈ পৰে। একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিশেষ সুবিধাপ্ৰাপ্ত আৰু সাধাৰণ মানুহৰ লগত একেদৰেই ব্যৱহাৰ কৰিবলৈ মন্দিৰ কৰ্তৃপক্ষক সমালোচনা কৰে (Priyanka Chopra trolled for siddhivinayak visit ) ৷

এজন ব্যৱহাৰকাৰীয়ে প্ৰশ্ন উত্থাপন কৰি লিখিছে, "আমাক ফটো উঠিবলৈ নিদিয়ে । প্ৰিয়ংকাক কেনেকৈ ফটো ল’বলৈ দিলে ???" আন এজনে লিখিছে, "বাপ্পাৰ আশীৰ্বাদ আপোনালোক সকলোৰে বাবে হওক কিন্তু সাধাৰণ লোকসকলেও শান্তিপূৰ্ণ দৰ্শনৰ যোগ্য ।" ইফালে প্ৰিয়ংকাক প্ৰতিৰক্ষা দি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, " এয়া প্ৰথমবাৰৰ বাবে হোৱা নাই, প্ৰিয়ংকাক কিয় লক্ষ্য কৰি লোৱা হৈছে ? "

ইফালে, জন চিনা আৰু ইদ্ৰিছ আলবাৰ সৈতে অভিনেত্ৰীগৰাকীয়ে নিজৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰাৰ লগে লগে পশ্চিমৰ ছবিৰ তালিকাখন আকৰ্ষণীয় হৈ পৰিছে প্ৰিয়ংকাৰ । প্ৰিয়ংকাক এই যুটিৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব আমাজন ষ্টুডিঅ’ৰ একচন ছবি হেডছ অৱ ষ্টেটত, যিখন ছবি পৰিচালনা কৰিব ইলিয়া নাইশ্বুলাৰে ।

লগতে পঢ়ক: Parineeti Chopra: ৰাঘৱতকৈ অধিক শিক্ষা, নেটৱৰ্থ, সম্পত্তি আছে পৰিণীতিৰ; তেতিয়াহ’লে ৰাঘৱৰ সৈতে কিয় বিয়া হ’ব পৰিণীতি ?

ABOUT THE AUTHOR

...view details