চিটাৰা ডেস্ক, 26 আগষ্ট : হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা অনুপম খেৰেও অৱশেষত মুখ খুলিলে বলীউড বনাম দাক্ষিণাত্য চলচ্চিত্ৰ উদ্যোগ বিতৰ্ক সন্দৰ্ভত ৷ যুক্তিপূৰ্ণ ভাৱে এক শক্তিশালী মন্তব্য আগবঢ়াইছে অভিনেতাজনে (Anupam kher on bollywood vs south film controversy) ৷ মন কৰিবলগীয়া কথাটো হৈছে যে দৰ্শকে প্ৰতিদিনে ছ’চিয়েল মিডিয়াত বলীউডবয়কট ট্ৰেণ্ড চলাই নিছে ৷
ক’ভিড মহামাৰীৰ পিছত ছবিগৃহসমূহ দৰ্শকৰে ভৰি পৰিব আশা কৰিছিল সকলোৱে ৷ ই হৈছেও কিন্তু কেৱল দক্ষিণৰ ছবিৰ ক্ষেত্ৰতহে, বলীউডৰ ক্ষেত্ৰত নহয় ৷ শেহতীয়াকৈ কেইবাখনো বলীউড ছবিয়ে বক্স অফিচত বেয়াকৈ মুখ থেকেচা খাইছে ৷ কেৱল ইমানেই নহয় এই ছবিসমূহে মুক্তিৰ পূৰ্বেই বয়কট ট্ৰেণ্ডৰ মাজেৰেহে ছবিগৃহ পাইছেগৈ ৷
অতি পৰিতাপৰ বিষয়টো হৈছে যে এই ছবিসমূহে খৰচৰ পৰিমাণটোও উলিয়াবলৈ সক্ষম হোৱা নাই ৷ এনেদৰে বলীউড ছবিৰ নিৰন্তৰ বিৰোধিতা হিন্দী চিনেমাৰ বাবে এক চিন্তাৰ বিষয় হৈ পৰিছে । এতিয়া অনুপম খেৰে এই উদ্বেগজনক বিষয়টোৰ ওপৰত নিজৰ মতামত দিছে (Bollywood VS South Anupam Kher)। অভিনেতাগৰাকীয়ে কৈছে, "মোৰ এনেকুৱা লাগিছে আৰু মই এই বিষয়ে চিন্তা কৰিছো, যদিও মই টলীউড আৰু বলীউডৰ মাজত পাৰ্থক্য কৰা নাই কিন্তু মই ভাবো চিনেমা এখন গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে হলীউডক নকল কৰা নাই, তেওঁলোকে কেৱল কাহিনী কৈছে আৰু ইয়াত আমি তাৰকাৰ ওপৰত অধিক গুৰুত্ব দিছো" ৷