অসম

assam

ETV Bharat / entertainment

ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বলীউডৰ পৰা টলীউডলৈকে এইসকল তাৰকা...

Ram Mandir Inauguration: অযোধ্যাত ৰাম মন্দিৰ মুকলি অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে । অমিতাভ বচ্চনৰ পৰা ৰজনীকান্তলৈকে এইসকল ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰিব পাৰে উদ্বোধনী অনুষ্ঠানত ।

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:58 PM IST

These stars from Bollywood to Tollywood are expected to attend the inauguration ceremony of Ram temple
ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান

চিটাৰা ডেস্ক, ১৫ ডিচেম্বৰ: উত্তৰ প্ৰদেশৰ অযোধ্যাত শ্ৰী ৰাম মন্দিৰৰ কাম পূৰ্ণগতিত চলি আছে । অহা মাহত অৰ্থাৎ ২০২৪ চনৰ ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব, যাৰ বাবে ব্যাপক পৰিসৰত প্ৰস্তুতি চলোৱা হৈছে। এই বৃহৎ ধৰ্মীয় অনুষ্ঠানত প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ বৃহৎ ব্যক্তিত্বই অংশগ্ৰহণ কৰিব পাৰে । লগতে বলীউড উদ্যোগৰ বহু প্ৰবীণ তাৰকাও উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব পাৰে ৷

ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে এইসকল তাৰকাই

পিংকভিলাত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মনোৰঞ্জন জগতৰ বহু চেলিব্ৰিটিৰ তালিকা প্ৰকাশ পাইছে, যিসকলে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত উপস্থিত থাকিব পাৰে । এই তালিকাত অমিতাভ বচ্চন, মাধুৰী দীক্ষিত, অনুপম খেৰ আৰু অক্ষয় কুমাৰৰ নাম সন্নিবিষ্ট কৰা হৈছে । একে সময়তে বলীউডৰ বহু জনপ্ৰিয় পৰিচালকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । এই তালিকাত আছে ৰাজকুমাৰ হিৰানী, সঞ্জয় লীলা ভানশালী, ৰোহিত শেট্টী আৰু প্ৰযোজক মহাবীৰ জৈনৰ নাম ।

বলীউডৰ জনপ্ৰিয় ছবি নিৰ্মাতাসকললৈও নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ

ইয়াৰ উপৰিও অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ বহু তাৰকাইও অংশগ্ৰহণ কৰিব । ছুপাৰষ্টাৰ ৰজনীকান্ত, চিৰঞ্জীৱী, মোহনলাল, ধনুষ আৰু ঋষভ শেট্টীলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । প্ৰতিবেদন অনুসৰি জনপ্ৰিয় টিভি শ্ব’ ‘ৰামায়ণ’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল আৰু মাতৃ সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দীপিকা চিখলিয়ালৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে ।

১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ধৰ্মীয় অনুষ্ঠান

প্ৰতিবেদনত কোৱা হৈছে যে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে বহু ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হ’ব, যিটো ২০২৪ চনৰ ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব । এই শুভ অনুষ্ঠানৰ বাবে ৪০০০ সাধু আৰু সন্তকে ধৰি দেশৰ সকলো প্ৰান্তৰ পৰা প্ৰায় ৭০০০ অতিথিলৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:Ram Mandir Pran Pratistha: 2024 চনৰ 22 জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ

ABOUT THE AUTHOR

...view details