চিটাৰা ডেস্ক, 15 আগষ্ট: বিবেক অগ্নিহোত্ৰীৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘দ্য ভেকচিন ৱাৰ’ৰ টিজাৰ মুকলি । ‘দ্য কাশ্মীৰ ফাইলছ’ৰ পিচতে পৰিচালক বিবেক অগ্নিহোত্ৰী ভেকচিনৰ ওপৰত এখন ছবি নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল । কথা মতেই কাম, এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছে পৰিচালকগৰাকীয়ে । আজি স্বাধীনতা দিৱসৰ বিশেষ ক্ষণ উপলক্ষে এই ছবিখনৰ টিজাৰ মুকলি কৰা হৈছে। য’ত ছবিখনৰ এক বিশেষ আভাস দেখা পোৱা গৈছে ।
টিজাৰত দেখা গৈছে লেবত ভেকচিন প্ৰস্তুত কৰাৰ আভাস
বিবেক অগ্নিহোত্ৰীয়ে তেওঁৰ আগন্তুক ছবি ‘দ্য ভেকচিন ৱাৰ’ৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা ছবিখনক লৈ দৰ্শকৰ উৎসাহ বাঢ়িছে । বিজ্ঞানী আৰু ১৩০ কোটি দেশবাসীৰ বিজয়ৰ ওপৰত আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । আজি মুকলি কৰা হৈছে ছবিখনৰ টিজাৰ, টিজাৰ আৰম্ভ হৈছে লেবৰ পৰা য’ত প্ৰস্তুত কৰা হয় ভেকচিন । আনহাতে, টিজাৰটোত বিজ্ঞানীৰ এটা দলে লিফ্টৰ ফালে খোজ কাঢ়ি যোৱা দেখা গৈছে, যিসকলে ভেকচিন প্ৰস্তুতৰ বাবে অতি গোপন প্ৰক্ৰিয়া কৰি থকা দেখা গৈছে । ইয়াৰ পিচত দলটোৱে লিফ্টত সোমাই পিছলৈ ঘূৰি চোৱাৰ লগে লগে, টিজাৰটোত বিজ্ঞানীৰ চৰিত্ৰত অভিনয় কৰা পল্লৱ যোশীৰ আৰু তেওঁৰ সহায়কসকলৰ চৰিত্ৰত অভিনয় কৰা প্ৰথম আভাস দেখা যায় ।
১০টা ভাষাত মুক্তি পাব এই ছবিখন