অসম

assam

ETV Bharat / entertainment

The Vaccine War: ‘জৱান’ৰ উত্তেজনাৰ মাজতে বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য ভেকচিন ৱাৰ’ৰ পোষ্টাৰ মুকলি

কাশ্মীৰ ফাইলছৰ পিছত বিবেক অগ্নিহোত্ৰীয়ে দীৰ্ঘদিন ধৰি দ্য ভেকচিন ৱাৰক লৈ শিৰোনাম দখল কৰি আহিছে ৷ ছবিখনত Covid-19ৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে নিৰ্মাণ কৰা ভেকচিনৰ কাহিনী দেখুওৱা হ’ব ৷ ইয়াৰ বাবে এই ভয়াৱহ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ বিজ্ঞানী আৰু চিকিৎসকে কৰা সকলো প্ৰচেষ্টা ছবিখনত দেখুওৱা হ’ব ৷ চিনেমাখনৰ প্ৰথম লুকটো ওলাইছে ৷

The Vaccine War: Poster of India's first bio science film 'The Vaccine War' released amidst 'Jawan', fans excited
‘জৱান’ৰ উত্তেজনাৰ মাজতে বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য ভেকচিন ৱাৰ’ৰ পোষ্টাৰ মুকলি

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 6:40 PM IST

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ:গুৰুতৰ বিষয়ক স্পৰ্শকাতৰ ৰূপত দেখুওৱাৰ বাবে বিখ্যাত বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য ভেকচিন ৱাৰ’ চলিত মাহত মুক্তি পাবলৈ গৈ আছে ৷ এই সন্দৰ্ভত যথেষ্ট দিন ধৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ স্বাধীনতা দিৱস উপলক্ষে মুক্তি দিয়া ছবিখনৰ টিজাৰত বিজ্ঞানী পল্লৱ যোশী আৰু নানা পাটেকাৰকে ধৰি বহু লোকৰ মুখ দেখুওৱা হয় ৷ অৱশ্যে অনুপম খেৰৰ চেহেৰাৰ কথা পোহৰলৈ অহা নাছিল ৷ ইফালে আজি ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰিছে নিৰ্মাতাসকলে ৷

'দ্য ভেকচিন ৱাৰ'ৰ ফাৰ্ষ্ট লুক আউট

প্ৰথম লুকটো শ্বেয়াৰ কৰিছে বিবেক অগ্নিহোত্ৰীয়ে এক্স (টুইটাৰ) হেণ্ডেলৰ সৈতে ৷ ইয়াৰ উপৰিও ইয়াত ৰাইমা সেন আৰু মোহন কাপুৰৰ দৰে তাৰকাৰ প্ৰথম আভাস পোৱা যায় ৷ ‘জৱান’ৰ উন্মাদনাৰ মাজতে ছবিখনৰ এই পোষ্টাৰখন ওলোৱাৰ পাছত অনুৰাগীৰ মাজত উত্তেজনাৰ মাত্ৰা দুগুণলৈ বৃদ্ধি পাইছে ৷

অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি

‘The Vaccine War’ এই মাহৰ ২৮ ছেপ্টেম্বৰত মুক্তি পাব, যিদিনা ‘Fukrey 3’ ও মুক্তি পাব ৷ অৰ্থাৎ বক্স অফিচত আকৌ এবাৰ দুখন ডাঙৰ ছবিৰ মাজত সংঘৰ্ষ হ’ব ৷ অৱশ্যে ছবিখনৰ প্ৰথম লুকে অনুৰাগীৰ উত্তেজনাৰ মাত্ৰা দুগুণ কৰি তুলিছে ৷ বহুতে ইয়াৰ কাহিনী চাবলৈ অতি আগ্ৰহেৰে বাট চাই থকা বুলিও জানিব পৰা গৈছে ৷ লগতে বহুলোকে ছবিখনৰ মুক্তিৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

‘দ্য ভেকচিন ৱাৰ’ ভাৰতৰ প্ৰথম বায়’ চাইন্স ছবি

ছবিখনৰ নিৰ্মাতাসকলে দাবী কৰা অনুসৰি এইখন ভাৰতৰ প্ৰথম বায়’ চাইন্স ছবি ৷ দেখা যাব যে যেতিয়া সমগ্ৰ বিশ্বই Covid-19ৰ বিৰুদ্ধে যুঁজি আছিল, তেতিয়া ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ চিকিৎসক আৰু বিজ্ঞানীসকলে কি প্ৰচেষ্টা চলাইছিল ৷

ভাৰত বায়’টেক আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ COVAXIN সৃষ্টিৰ যাত্ৰাও ছবিখনত দেখুওৱা হ’ব ৷ জনাই দিও যে এই চিনেমাখন বিশ্বজুৰি মুক্তিলাভ কৰিব ৷

লগতে পঢ়ক:Actresses who played mother to older actors: নিজৰ বয়সতকৈ ডাঙৰ অভিনেতাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে এইসকল অভিনেত্ৰীয়ে

ABOUT THE AUTHOR

...view details