চিটাৰা ডেস্ক, ২৩ নৱেম্বৰ: অ’টিটিত মুক্তি লাভ কৰিব বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য ভেকচিন ৱাৰ’ । যোৱা মাহত ছবিখন ছবিগৃহত মুক্তি পাইছিল । কিন্তু ছবিগৃহত দ্য ভেকচিন ৱাৰে দেখুৱাব নোৱাৰিলে যাদু ৷ ইয়াৰ মাজতে এতিয়া ছবিখন অ’টিটিত মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে নিৰ্মাতাই ।
কভিড-১৯ মহামাৰীৰ সময়ত ভাৰতে নিজাববীয়াকৈ ভেকচিন তৈয়াৰ কৰাৰ কাহিনী দেখুওৱা হৈছে ‘দ্য ভেকচিন ৱাৰ’ত । ছবিখনত আইচিএমআৰ আৰু এনআইভিৰ বিজ্ঞানী আৰু চিকিৎসকে ভেকচিন নিৰ্মাণৰ বাবে কৰা সংগ্ৰাম দেখুৱাইছে ।
নানা পাটেকাৰে শ্বেয়াৰ কৰিলে আপডেট
দ্য ভেকচিন ৱাৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে নানা পাটেকাৰে । তেওঁ নিজৰ এক্স একাউণ্টত ছবিখনৰ অ’টিটি মুক্তিৰ আপডেট শ্বেয়াৰ কৰিছে । অভিনেতাগৰাকীয়ে লিখিছে, “যিখন পৃথিৱীত সাহসে সংকটৰ সন্মুখীন হয়, তেনে এখন পৃথিৱীত ভৰি দিয়ক ।”
ছবিখন কেতিয়া আৰু ক’ত ষ্ট্ৰীম কৰা হ’ব ?
দ্য ভেকচিন ৱাৰৰ ষ্ট্ৰীমিং প্লেটফৰ্মৰ কথা ক’বলৈ গ’লে ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব ছবিখন । কাইলৈ অৰ্থাৎ ২৪ নৱেম্বৰত অ'টিটিত মুক্তি পাব ছবিখন ।