চিটাৰা ডেস্ক, 9 মে’ : ‘‘দ্য কেৰালা ষ্ট’ৰী’’ ছবিখনকলৈ চলি থকা বিতৰ্কৰ যেন শাম কটাৰ নামেই লোৱা নাই ৷ ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পিচতে ছবিখনক লৈ দেশজুৰি সৃষ্টি হৈছিল এক বিতৰ্কৰ ৷ বিতৰ্কৰ মাজতে এতিয়া 5 মে’ত ছবিগৃহত মুক্তি লাভ কৰিলে ‘‘দ্য কেৰালা ষ্ট’ৰী’’ ৷ ছবিখন মুক্তিৰ পিচত একাংশই যদি ছবিখনক সমৰ্থন কৰিছে আন একাংশই আকৌ ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে ৷
ইয়াৰ মাজতে এতিয়া ছবিখনৰ ক্ৰু মেম্বাৰক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে কোনো অজ্ঞাত লোকে (The Kerala Story crew member receives threat) ৷ হয়, খবৰ অনুসৰি ক্ৰু মেম্বাৰে কোনো অজ্ঞাত নম্বৰৰ পৰা ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰিছে । মুম্বাই আৰক্ষীৰ তথ্য অনুসৰি ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখনৰ পৰিচালক সুদীপ্ত সেনে আৰক্ষীক জনাইছে যে ক্ৰুৰ এজন সদস্যই অজ্ঞাত নম্বৰৰ পৰা ভাবুকিমূলক বাৰ্তা লাভ কৰিছে (Mumbai Police on The Kerala Story)। অৱশ্যে ভাবুকি লাভ কৰাৰ পিচত সংশ্লিষ্ট ক্ৰু মেম্বাৰজনক মুম্বাই আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰিছে (The Kerala Story) ।