অসম

assam

ETV Bharat / entertainment

The Kashmir Files Unreported: আহি আছে বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইলছ আনৰিপ’ৰ্টেড, ক’লে- কান্দিবলৈ সাজু হওক - দ্য কাশ্মীৰ ফাইলছ আনৰিপ’ৰ্টেড

বিবেক অগ্নিহোত্ৰীয়ে ঘোষণা কৰিছে তেওঁৰ আগন্তুক তথ্যচিত্ৰ, যিখন ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ফ’ল’ আপ হ’ব । ডাইৰেক্টৰজনে আগন্তুক তথ্যচিত্ৰ ‘দ্য কাশ্মীৰ ফাইলছ আনৰিপ’ৰ্টেড’ৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।

The Kashmir Files Unreported Vivek Agnihotri announced his upcoming documentary titled
দ্য কাশ্মীৰ ফাইলছ আনৰিপ’ৰ্টেড

By

Published : Jul 19, 2023, 3:05 PM IST

চিটাৰা ডেস্ক, 19 জুলাই: মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ ৷ দেশজুৰি ছবিখনক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া ৷ একাংশই যদি ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছিল আন একাংশই আকৌ ছবিখনৰ সমৰ্থনত নামি পৰিছিল ৷ অৱশ্যে ছবিখন মুক্তি পোৱাৰ পিচতে আলোড়নৰ সৃষ্টি কৰে বক্স অফিচত ৷ অনুপম খেৰৰ অভিনীত ছবিখন ১৯৯০ চনৰ কাশ্মীৰ বিদ্ৰোহৰ সময়ত কাশ্মীৰী হিন্দুসকলৰ ওপৰত চলা অত্যাচাৰৰ আধাৰত নিৰ্মিত । এই ছবিখনে লাভ কৰা বিপুল সঁহাৰিৰ পিচতে বিবেকে এতিয়া ঘোষণা কৰিছে তেওঁৰ আগন্তুক তথ্যচিত্ৰ ‘The Kashmir Files Unreported’। ই ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ফ’ল’ আপ ।

আগন্তুক তথ্যচিত্ৰখন ‘দ্য কাশ্মীৰ ফাইলছ’ নিৰ্মাণৰ সময়ত বিবেক অগ্নিহোত্ৰী আৰু তেওঁৰ দলটোৱে কৰা গৱেষণাৰ ফল । বিবেকে ‘The Kashmir Files Unreported’ৰ এটা চুটি ক্লিপ টুইটাৰত শ্বেয়াৰ কৰি লিখিছে, ‘বহু গণহত্যা অস্বীকাৰকাৰী, সন্ত্ৰাসবাদ সমৰ্থক আৰু ভাৰতৰ শত্ৰুৱে দ্য কাশ্মীৰ ফাইলছক প্ৰশ্ন কৰিছিল । এতিয়া আমি আপোনালোকৰ বাবে লৈ আহিছো কাশ্মীৰত হিন্দু হত্যাকাণ্ডৰ নগণ্য সত্য, যাৰ ওপৰত কেৱল এজন চয়তানেহে প্ৰশ্ন কৰিব পাৰে। অতি সোনকালে আহি আছে 'কাশ্মীৰ ফাইলছ আনৰিপ’ৰ্টেড। কান্দিবলৈ সাজু থাকক।’

ছবিখনৰ ট্ৰেইলাৰ আৰম্ভ হৈছে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ দৃশ্যৰ পৰা । ইয়াক ১৯৮০ চনৰ কাশ্মীৰ উপত্যকাৰ প্ৰকৃত ফুটেজৰ সৈতে মিলাই দেখুওৱা হৈছে । অনুপম খেৰৰ আভাসো ভিডিঅ’টোত দেখুওৱা হৈছে। ইয়াৰ উপৰিও কিছু হিংসাৰ দৃশ্য ভিডিঅ’টোত দেখা পোৱা গৈছে। 'দ্য কাশ্মীৰ ফাইলছ আনৰিপ'ৰ্টেড'ৰ প্ৰিমিয়াৰ হ'ব ZEE5 ত । যদিও ইয়াৰ মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়ক:Merry Christmas new poster: এইদিনা মুক্তিলাভ কৰিব বিজয় সেথুপতি-কেটৰিনা কাইফৰ ছবি মেৰী খ্ৰীষ্টমাছ

লগতে পঢ়ক:Jawan: এ আৰ ৰহমানতকৈও অধিক মাচুল, কোন হয় জৱানৰ সংগীত পৰিচালক যিয়ে লৈছে যিয়ে ১০ কোটি টকা

ABOUT THE AUTHOR

...view details