অসম

assam

ETV Bharat / entertainment

য়াছিন মালিকৰ যাৱজ্জীৱন কাৰাদণ্ড সন্দৰ্ভত বক্তব্য আগবঢ়ালে বিবেক অগ্নিহোত্ৰীয়ে - প্ৰাক্তন সন্ত্ৰাসবাদী য়াছিন মালিক

জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী আৰু প্ৰাক্তন সন্ত্ৰাসবাদী য়াছিন মালিকক সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ লগতে আন কেইবাটাও গোচৰত NIA-ৰ আদালতে আজীৱন কাৰাদণ্ড বিহিছে (Yasin Malik latest updates) । 'দ্য কাশ্মীৰ ফাইলছ'ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে মালিকক দিয়া এই শাস্তি সন্দৰ্ভত টুইট কৰিছে । তেওঁ আনন্দ প্ৰকাশ কৰে এই ৰায়দানৰ পিছত ৷

The Kashmir Files
য়াছিন মালিকৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ওপৰত বক্তব্য আগবঢ়ালে বিবেক অগ্নিহোত্ৰীয়ে

By

Published : May 26, 2022, 5:01 PM IST

চিটাৰা ডেস্ক, 26মে’ : NIAৰ এখন বিশেষ আদালতে জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা আৰু প্ৰাক্তন সন্ত্ৰাসবাদী য়াছিন মালিকক সন্ত্ৰাসবাদৰ সৈতে সংযুক্ত হোৱাৰ লগতে লগতে আন কেইবাটাও গোচৰত আজীৱন কাৰাদণ্ডৰ ৰায় দিছে (Terrorist Yasin Malik life imprisonment)। মালিকক পাঁচটা গোচৰত ১০ বছৰৰ কাৰাদণ্ড দিয়া হৈছে (Yasin Malik latest updates)। কাশ্মীৰৰ হিংসাত নিহতসকলৰ বাবে এইটো এটা সুখৰ দিন আছিল ৷ কাশ্মীৰ ফাইলছৰ নিৰ্দেশক বিবেক অগ্নিহোত্ৰীয়ে য়াছিন মালিকৰ ৰায়দান সন্দৰ্ভত টুইট কৰি এইদৰে নিজৰ মত প্ৰকাশ কৰে ।

'দ্য কাশ্মীৰ ফাইলছ'ৰ পৰিচালকজনে লিখিছে, "এইটো মাত্ৰ আৰম্ভণি । যেতিয়ালৈকে #য়াছিন মালিক আৰু বিট্টাক ফাঁচী দিয়া নহয়, আমি #RightToJustice ৰ আমাৰ এই যুঁজত বিশ্ৰাম নলওঁ" । সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে বিবেকৰ টুইটটো ৰিটুইট কৰিছে । আদালতে সন্ত্ৰাসবাদৰ গোচৰত দোষী সাব্যস্ত হোৱা য়াছিন মালিকক দুটা গোচৰত আজীৱন কাৰাদণ্ডৰ লগতে পাঁচটা গোচৰত ১০ বছৰৰ শাস্তি প্ৰদান কৰিছে । ইয়াৰ লগতে 10 লাখ টকাৰ জৰিমনাও বিহিছে ।

উল্লেখনীয় যে, কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অত্যাচাৰৰ ওপৰত বিবেকৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ'ক সমগ্ৰ দেশৰ মানুহে যথেষ্ট প্ৰশংসা কৰিছে । বক্স অফিচত ছবিখনে সাংঘাতিক সফলতা লাভ কৰিলে ৷ কেৱল এয়াই নহয়, ছবিখনে অ'টিটি প্লেটফৰ্মতো যথেষ্ট প্ৰশংসা লাভ কৰিছিল । এতিয়াও ছবিখনকলৈ চৰ্চা চলি থাকে ৷

য়াছিন মালিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী ষড়যন্ত্ৰ, সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকা, সন্ত্ৰাসবাদীৰ পুঁজি যোগান ধৰা আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰাৰ দৰে অভিযোগত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে (Yasin Malik case in hindi) । য়াছিন মালিক আন কেইবাটাও গোচৰতো অভিযুক্ত, যাৰ ভিতৰত আছে ভাৰতীয় বায়ু সেনাৰ চাৰিজন নিৰস্ত্ৰ বিষয়া, প্ৰাক্তন গৃহমন্ত্ৰী মুফতি মহম্মদ চৈয়দৰ কন্যাৰ অপহৰণ । য়াছিন মালিকে গোচৰ শুনানিৰ সময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিছিল ।

লগতে পঢ়ক:54 বছৰ বয়সত বিয়া পাতিলে এইজন চলচ্চিত্ৰ নিৰ্মাতাই

ABOUT THE AUTHOR

...view details