চিটাৰা ডেস্ক, 22 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ থালাপথী বিজয়ৰ আগন্তুক তামিল একচন-থ্ৰিলাৰ ছবি লিঅ’ৰ শ্বুটিং চলি আছে কাশ্মীৰত ৷ যোৱা কেইসপ্তাহমানৰ পৰাই চলি আছিল শ্বুটিং (Vijay thalapathy New Movie)। মঙলবাৰে আফগানিস্তানত ৬.৫ প্ৰাবল্যৰ ভূমিকম্প হয় । জম্মু-কাশ্মীৰ, দিল্লী এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ কিছু অংশতো ভূমিকম্পৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷
যিহেতু ছবিখনৰ শ্বুটিং কাশ্মীৰত হৈ আছিল গতিকে এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত লিঅ’ ছবিখনৰ নিৰ্মাতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ দলটোৰ সকলো সদস্য নিৰাপদ আৰু সুস্থ বুলি নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত জনায় নিৰ্মাতাসকলে (Kashmir Earthquake) ৷
লগত পঢ়ক:Deepak filed case against Mohan Gopal: প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে গোচৰ ৰুজু অভিনেতা দীপক তিজোৰীৰ
খবৰ অনুসৰি মঙলবাৰে নিশা জম্মু-কাশ্মীৰ আৰু দিল্লী-এনচিআৰত জোকাৰি গৈছিল ভূমিকম্পই । সেয়াহে লিঅ’ নিৰ্মাতাসকলে তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেল চেভেন স্ক্ৰীণ ষ্টুডিঅ’ত তামিল ছবি চন্দ্ৰমুখীৰ ভাদিভেলু জিআইএফ শ্বেয়াৰ কৰি কেপচন দিছিল, ‘আমি নিৰাপদে আছো। টিম লিঅ।" মাষ্টাৰ ছবিখনৰ পিচত বিজয় আৰু পৰিচালক লোকেশ কানাগৰাজে লিঅ’ ছবিখনত একেলগে কাম কৰি আছে ।
খবৰ অনুসৰি, টলিউডৰ অভিনেত্ৰী তৃষা কৃষ্ণন, পৰিচালক লোকেশ কানাগৰাজৰ সৈতে ছবিখনৰ শ্বুটিঙৰ বাবে বৰ্তমান কাশ্মীৰত আছে থালাপথী বিজয় । দলটোৱে এপ্ৰিল মাহৰ ভিতৰত কাশ্মীৰৰ শ্বুটিং সম্পূৰ্ণ কৰি কিছু সাময়িক বিৰতিৰ বাবে চেন্নাইলৈ উভতি অহাৰ সম্ভাৱনা আছে । পৰৱৰ্তী শ্বুটিঙৰ বাবে হায়দৰাবাদত এটা বিশাল বিমানবন্দৰৰ চেট নিৰ্মাণ কৰা হৈছে ।
ছবিখনত দেখা পোৱা যাব বলীউডৰ ‘মুন্না ভাই’ সঞ্জয় দত্ত, গৌতম ভাসুদেৱ মেনন, মিস্কিন, অৰ্জুন আৰু প্ৰিয়া আনন্দক ৷ যোৱা সপ্তাহত বলীউডৰ তাৰকা সঞ্জয় দত্ত আৰু অভিনেতা-পৰিচালক গৌতম বাসুদেৱ মেননে তেওঁলোকৰ শ্বুটিং সমাপ্ত কৰিছিল । চলিত বৰ্ষৰ ১৯ অক্টোবৰত ছবিগৃহত মুক্তি পাব লিঅ’ (Leo Movie) ।
লগতে পঢ়ক:Kisi ka bhai kisi ki jaan: ছলমান খানে কণ্ঠদান কৰা কিছি কা ভাই কিছি কি জানৰ নতুন গীত মুকলি