অসম

assam

ETV Bharat / entertainment

Thalaivar 171: জেইলাৰৰ সফলতাৰ পিচত আহি আছে ৰজনীকান্তৰ আগন্তুক ছবি, জৱানৰ সৈতে ছবিখনৰ আছে বিশেষ সম্পৰ্ক ! - ৰজনীকান্তৰ আগন্তুক চিনেমা থালাইভাৰ ১৭১

যোৱা মাহত মুক্তি পোৱা অভিনেতা ৰজনীকান্তৰ ছবি জেইলাৰে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে । এই ছবিখনৰ সফলতাৰ পিচত আকৌ এবাৰ আহি আছে আন এখন নতুন ছবি ৷ ছবিখনৰ নাম হৈছে- থালাইভাৰ ১৭১। এই বিষয়ে সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Thalaivar171: Rajinikanth's next with Lokesh Kanagaraj officially announced
ৰজনীকান্তৰ আগন্তুক ছবি থালাইভাৰ ১৭১

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:09 PM IST

চিটাৰা ডেস্ক, ১১ ছেপ্টেম্বৰ:ছবি জগতৰ হীৰা ৰজনীকান্ত । দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ ফেন-ফ’ল’য়িং এনেকুৱা যে দক্ষিণত তেওঁক পূজা কৰে অনুৰাগীয়ে । কেইবা দশক ধৰি ছবিজগতত চলি আছে ৰজনীকান্তৰ যাদু ৷ ৰজনীকান্তৰ শেহতীয়াকৈ মুক্তি পোৱা ছবি ‘জেইলাৰে’ প্ৰমাণ কৰিছে যে ৰজনীকান্তৰ উন্মাদনা এতিয়াও শেষ হোৱা নাই। এই ছবিখনৰ ব্যাপক সফলতাৰ পিচতে এতিয়া ৰজনীকান্তক দেখা পোৱা যাব আন এক ৰোমাঞ্চকৰ প্ৰজেক্টত ।

বহু দশক ধৰি চিনেমা জগতখনত শাসন কৰি আহিছে ৰজনীকান্তে । হিন্দী আৰু দক্ষিণৰ ছবিত কাম কৰা ৰজনীকান্তৰ ছবি যেতিয়াই আহে, তেতিয়াই দৰ্শকৰ মাজত আবেগ বাঢ়ি যায় । তেওঁৰ আগন্তুক ছবিৰ কথা ঘোষণা কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে । তেওঁৰ আগন্তুক ছবিখনৰ নাম হৈছে ‘থালাইভাৰ ১৭১’ ৷

ৰজনীকান্তৰ আগন্তুক ছবিৰ ঘোষণা

বহুদিন ধৰি চৰ্চা চলিছিল যে ৰজনীকান্তে ছবি নিৰ্মাতা লোকেশ কাংগৰাজৰ সৈতে এখন চিনেমাত একেলগে কাম কৰিব । এতিয়া নিৰ্মাতাই নিজেই ঘোষণা কৰিছে এই কথা । ছ’চিয়েল মিডিয়াত ৰজনীকান্তৰ আগন্তুক ছবি ‘থালাইভাৰ ১৭১’ৰ কথা ঘোষণা কৰিছে ছান পিকচাৰ্ছে ।

প্ৰডাকচন হাউছে জাৰি কৰা পোষ্টটোৰ কেপচনত লিখা আছিল, "ছুপাৰষ্টাৰ ৰজনীকান্তৰ থালাইভাৰ ১৭১ ছবিখন ঘোষণা কৰি আমি সুখী । ইয়াৰ লেখক আৰু পৰিচালক লোকেশ কাংগৰাজ । সংগীতৰ সুৰ অনিৰুদ্ধ ৰবিচন্দৰ, আনহাতে অনবাৰীব ষ্টাণ্ট মাষ্টাৰ হ’ব।"

ৰজনীকান্তৰ থালাইভাৰ ১৭১ ৰ লগত জৱানৰ কি সম্পৰ্ক আছে ?

শেহতীয়াকৈ মুক্তি পোৱা শ্বাহৰুখ খানৰ ছবি ‘জৱান’ বক্স অফিচত সৃষ্টি কৰিছে ধুমুহাৰ । ছবিখনৰ গীতবোৰো হিট হৈ পৰাত ৰাইজে যথেষ্ট প্ৰশংসা কৰিছে। ৰজনীকান্তৰ ছবি ‘থালাইভাৰ ১৭১’ৰ সৈতে ‘জৱান’ৰ এক বিশেষ সম্পৰ্ক আছে । আচলতে ‘জৱান’ক চমৎকাৰী সংগীত দিয়া অনিৰুদ্ধ ৰবিচন্দৰে ‘থালাইভাৰ ১৭১’ৰ বাবেও গীত ৰচনা কৰিব ।

উল্লেখ্য যে ৰজনীকান্তৰ ‘জেইলাৰ’ ছবিখন ২০২৩ চনৰ ১০ আগষ্টত মুক্তি লাভ কৰিছিল । এই ছবিখনে বিশ্বজুৰি ৬০০ কোটি টকা সংগ্ৰহ কৰিছে । ৰজনীকান্তৰ উপৰিও তামান্না ভাটিয়া আৰু জেকী শ্ৰফেও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক:Jailer On OTT: OTT মুক্তিৰ ঘোষণা জেইলাৰ, কেতিয়া আৰু কোনটো OTT প্লেটফৰ্মত চাব পাৰিব জানি লওক

ABOUT THE AUTHOR

...view details