অসম

assam

ETV Bharat / entertainment

চিৰঞ্জীৱীৰ পৰা জুনিয়ৰ এন টি আৰ আল্লু অৰ্জুনলৈকে, দক্ষিণৰ তাৰকাসকলে সাব্যস্ত কৰিলে ভোটাধিকাৰ - এছ এছ ৰাজামাউলীয়ে পত্নীৰ সৈতে দিলে ভোট

Telangana Assembly Elections 2023: ভোট দিবলৈ হায়দৰাবাদত উপস্থিত দক্ষিণৰ তাৰকা । আৰ আৰ আৰৰ তাৰকা জুনিয়ৰ এন টি আৰৰ সৈতে তেওঁৰ পত্নী লক্ষ্মী প্ৰণতি আৰু মাতৃ শালিনী নন্দমুৰীও ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় ।

Telangana Assembly polls: Chiranjeevi, Allu Arjun, Jr NTR and other South stars queue to cast votes - watch
তেলেংগানা বিধানসভা নিৰ্বাচন ২০২৩

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 1:06 PM IST

চিটাৰা ডেস্ক, ৩০ নৱেম্বৰ: আজি তেলেংগানাত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচন ২০২৩ ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ১১৯ খন আসনত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । এইবাৰ ২২৯০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । ৰাজ্যত পুৱা ৭ বজাৰ পৰাই আৰম্ভ হৈছে ভোটদান আৰু সন্ধিয়া ৬ বজালৈকে চলিব ভোটদান । এনে পৰিস্থিতিত টলিউডৰ তাৰকাসকলেও ভোটদানৰ বাবে অতি উৎসাহেৰে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হোৱা দেখা গ’ল । চিৰঞ্জীৱীৰ পৰা ৰাণা ডাগ্গুবাটি, জুনিয়ৰ এন টি আৰ ৰ পৰা এছ এছ ৰাজামৌলিলৈকে চেলেব্ৰিটিসকলে পৰিয়ালৰ সৈতে ভোটদান কৰে ।

ভোটদানৰ বাবে হায়দৰাবাদত উপস্থিত হোৱা দেখা গ’ল দক্ষিণৰ বহু তাৰকাক । আৰ আৰ আৰৰ তাৰকা জুনিয়ৰ এন টি আৰৰ সৈতে তেওঁৰ পত্নী লক্ষ্মী প্ৰণতি আৰু মাতৃ শালিনী নন্দমুৰীয়ে ভোটদানৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয় । ৰাণা ডাগ্গুবাটি আৰু মেগাষ্টাৰ চিৰঞ্জীৱীয়েও শাৰী পাতি ভোটদান কৰে । এতিয়া ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পোহৰলৈ আহিছে তাৰকাসকলৰ ভিডিঅ’ ।

পত্নী ৰমা ৰাজামৌলিৰ সৈতে ভোটদান কৰিবলৈ যায় চলচ্চিত্ৰ নিৰ্মাতা এছ এছ ৰাজামৌলি । ভোটদানৰ পিচত নিৰ্মাতাগৰাকীয়ে নিজৰ এক্স একাউণ্টত পত্নীৰ সৈতে চেলফি শ্বেয়াৰ কৰে । ফটোখনৰ লগতে তেওঁ কেপচনত লিখিছে – আমি কৰিলোঁ ? আপুনি কৰিলেনে ? এজন গৌৰৱান্বিত ভোটাৰ হওক ।

এম এম কীৰৱাণীয়েও ভোটদানৰ বাবে জনালে আবেদন

অস্কাৰ বিজয়ী সংগীতজ্ঞ, পদ্মশ্ৰী এম এম কীৰৱাণীয়েও ভোটদান কৰে । ইয়াৰ লগতে তেওঁ সকলোকে ভোট দিবলৈ আহ্বান জনায় । ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই আহি তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতি কয়, ‘‘সকলোৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে...এয়া বন্ধৰ দিন নহয় ।’’

আল্লু অৰ্জুনেও ভোটদান কৰে

আল্লু অৰ্জুনেও ভোটদানৰ বাবে হায়দৰাবাদৰ জুবিলী হিলছ অঞ্চলত উপস্থিত হৈছিল । ভোটগ্ৰহণ কেন্দ্ৰত শাৰীত থিয় হৈ থকা দেখা গ’ল আল্লু অৰ্জুনক ।

ইয়াৰ পিচত অভিনেতাগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত নিজৰ নিৰ্বাচনী চিয়াঁহী প্ৰদৰ্শন কৰি সকলোকে ভোট দিবলৈ আহ্বান জনায় । তেওঁ পোষ্ট শ্বেয়াৰ কৰি লিখিছে- 'ভোট দিয়ক ।'

আল্লু অৰ্জুনেও ভোটদান কৰে

লগতে পঢ়ক:বিজেপি, কংগ্ৰেছ, বি আৰ এছৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত তেলেংগানাত আৰম্ভ ভোটদান প্ৰক্ৰিয়া

ABOUT THE AUTHOR

...view details