অসম

assam

ETV Bharat / entertainment

জাভেদ আখতাৰক উভতি ধৰিলে এনিমেলৰ নিৰ্মাতাই, ক’লে-প্ৰেমক লিংগ . . . - sandeep reddy vanga

Animal: ৰণবীৰ কাপুৰৰ ছবি Animal য়ে বক্স অফিচত বহু টকা উপাৰ্জন কৰিছে । একাংশই এই ছবিখন ভাল পোৱাৰ বিপৰীতে কিছুমানে ছবিখনৰ কাহিনীটোক লৈ নিজৰ মতামত দিছে । শেহতীয়াকৈ জাভেদ আখতাৰেও চিনেমাখনৰ বিষয়ে মন্তব্য কৰিছিল । এতিয়া জাভেদ আখতাৰৰ মন্তব্যক লৈ এনিমেলৰ দলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

http://10.10.50.90:6060///finaloutc/english-nle/finalout/07-January-2024/20452123_ad.jpg
জাভেদ আখতাৰৰ মন্তব্যক লৈ এনিমেলৰ দলৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:49 AM IST

চিটাৰা ডেস্ক, ৮ জানুৱাৰী: ৰণবীৰ কাপুৰৰ ছবি এনিমেল ছুপাৰহিট ৰূপে পৰিগণিত হৈছে । ছবিখনে বক্স অফিচত ব্যাপক ধন অৰ্জনৰ কৰাৰ লগতে এতিয়াও ছবিখনৰ উপাৰ্জন অব্যাহত আছে । শেহতীয়াকৈ এনিমেলৰ সফলতা পাৰ্টিৰো আয়োজন কৰা হৈছিল য’ত এনিমেলৰ সম্পূৰ্ণ দলটো উপস্থিত আছিল ৷ লগতে বলীউডৰ বহু তাৰকাও এই পাৰ্টিত অংশগ্ৰহণ কৰিছিল ৷ দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত সমালোচনাৰ সন্মুখীন হৈছে এনিমেল । অৱশ্যে একাংশই যদিও ছবিখনক ভাল পাইছে ইয়াৰ বিপৰীতে কিছুমানে এই ছবিখনক লৈ নেতিবাচক মন্তব্যও কৰিছে । শেহতীয়াকৈ গীতিকাৰ-লেখক জাভেদ আখতাৰে ছবিখনৰ বিষয়ে কিছু নেতিবাচক মন্তব্য কৰিছিল । এতিয়া এনিমেলৰ দলটোৱে জাভেদ আখতাৰৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

ৰশ্মিকা মন্দন্না, ববি দেওল আৰু অনিল কাপুৰক এনিমেল ছবিত ৰণবীৰ কাপুৰৰ সৈতে মুখ্য চৰিত্ৰত দেখা গৈছে । ছবিখনত তৃপ্তি ডিমৰীৰ কামকো যথেষ্ট প্ৰশংসা কৰা হৈছে । কিন্তু এই ছবিখন বৰ বিশেষ ভাল নাপালে জাভেদ আখতাৰে । সেইবাবেই তেওঁ ছবিখনক বিপদজনক বুলি আখ্যা দিছে । এতিয়া জাভেদ আখতাৰক উপযুক্ত উত্তৰ দিছে এনিমেলৰ দলটোৱে ।

এনিমেলৰ দলটোৱে এক্স একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে - যদি লেখকে কোনো প্ৰেমিকৰ (জোয়া আৰু ৰণবিজয়ৰ মাজত) প্ৰতাৰণা বুজিব নোৱাৰে তেন্তে আপোনাৰ সকলো শিল্পই ডাঙৰ মিছা ৷ যদি কোনো নাৰীয়ে (প্ৰেমৰ নামত পুৰুষে বিশ্বাসঘাতকতা কৰা আৰু মূৰ্খ বনাই) কয় 'মোৰ জোতা চেলেকা' তেন্তে আপোনালোকে নাৰীবাদ বুলি কৈ উদযাপন কৰিলেহেঁতেন । প্ৰেমক লিংগ ৰাজনীতিৰ পৰা আঁতৰাই ৰাখক । তেওঁলোকক কেৱল প্ৰেমিক বুলি কোৱা হয় ।"

জাভেদ আখতাৰে কি কৈছিল ?

ঔৰংগাবাদত অনুষ্ঠিত অজন্তা ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জাভেদ আখতাৰে এনিমেলৰ বিষয়ে মন্তব্য কৰিছিল । ‘এনিমেল’ ছবিখনৰ নাম নোলোৱাকৈয়ে তেওঁ ছবিখনৰ সেই দৃশ্যটোক সমালোচনা কৰিছিল, য’ত ৰণবীৰ কাপুৰে তৃপ্তি ডিমৰীক জোতা চেলেকিবলৈ কয় । জাভেদ আখতাৰে কৈছিল, ‘‘মই বিশ্বাস কৰোঁ যে আজিৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এইটো এটা পৰীক্ষাৰ সময় যে তেওঁলোকে কেনেধৰণৰ চৰিত্ৰ সৃষ্টি কৰিব বিচাৰে, যাৰ সমাজে শলাগ ল’ব । উদাহৰণস্বৰূপে, যদি কোনো চিনেমাত পুৰুষে মহিলাক জোতা চেলেকিবলৈ কয় বা পুৰুষে মহিলাক চৰ মাৰিলে ঠিকেই বুলি কয় আৰু যদি সেইখন চিনেমা ছুপাৰ ডুপাৰ হিট হয়, তেন্তে সেয়া অতি বিপজ্জনক ।’’

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ শলাগ লৈছে ছলমান খানে

ABOUT THE AUTHOR

...view details