চিটাৰা ডেস্ক, 4 আগষ্ট :তৰালি শৰ্মা, নামেই যাৰ পৰিচয় ৷ অসমৰ সংগীত ক্ষেত্ৰখনৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপ তৰালি শৰ্মা, যাৰ কণ্ঠত খোদ সৰস্বতীৰ বাস ৷ সংগীত ক্ষেত্ৰখনক অন্য এক মাত্ৰা প্ৰদান কৰা তৰালি শৰ্মাই আজি উদযাপন কৰিছে 47 সংখ্যক জন্মদিন ৷ 1975 চনৰ 4 আগষ্টত জন্মগ্ৰহণ কৰিছিল তৰালি শৰ্মাই ৷ কণ্ঠশিল্পী ও সংগীত পৰিচালক তৰালিয়ে 12 বছৰ বয়সতে সংগীত পৰিচালনা কৰিছিল ৷ সেইয়াই আছিল তেওঁৰ শিল্পী জীৱনৰ আৰম্ভণি ৷
তৰালি শৰ্মাই অসংখ্য অসমীয়া ধাৰাবাহিক, বোলছবি, চুটিছবি আৰু এলবামৰ বাবে সংগীত পৰিচালনা কৰিছে ৷ মঞ্জু বৰাৰ অসমীয়া তথ্যচিত্ৰ আকাশীতৰাৰ কথাৰে নামৰ চিনেমাখনত "কিমতে ভকতি কৰিব..." শীৰ্ষক প্ৰাৰ্থনাটিত কণ্ঠদান কৰি ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷ আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী তৰালি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম মহিলা সংগীত পৰিচালক ৷
অসমীয়াক গৌৰাৱান্বিত কৰা সংগীত শিল্পী গৰাকীলৈ ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা জন্মদিনৰ অফুৰন্ত শুভকামনা জনাই আপোনালোকলৈ আগবঢ়ালো তৰালি শৰ্মাৰ কেইটামান জনপ্ৰিয় গীতৰ ইউটিউব লিংক-
1. আহিবা তুমি, হেঙুলীয়া