চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ:তনুশ্ৰী দত্ত আৰু নানা পাটেকাৰৰ বিবাদ যথেষ্ট পুৰণি । অভিনেত্ৰীগৰাকীয়ে ২০১৮ চনত নানা পাটেকাৰৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচতে মাজে সময়ে অভিনেতাগৰাকীক লৈ তনুশ্ৰীয়ে কটু মন্তব্য কৰা দেখা যায় । এতিয়া আকৌ এবাৰ তনুশ্ৰীৰ ক্ষোভৰ বিস্ফোৰণ ঘটিছে নানা পাটেকাৰৰ ওপৰত । কেৱল এয়াই নহয়, পৰিচালক বিবেক অগ্নিহোত্ৰীক লৈও মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে । তনুশ্ৰীৰ অভিযোগ নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীয়ে প্ৰচাৰৰ বাবে তেওঁৰ নাম ব্যৱহাৰ কৰিছিল ।
বিবেক অগ্নিহোত্ৰীক লক্ষ্য কৰি লয় তনুশ্ৰীয়ে
শেহতীয়াকৈ তনুশ্ৰী দত্তই সংবাদমেলত ৰাখী সাৱন্তৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল । একে সময়তে আদিল খানক সমৰ্থন কৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীয়ে । এই সংবাদমেলতে তনুশ্ৰীয়ে নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীৰ বিষয়েও মন্তব্য কৰে ৷ তনুশ্ৰী দত্তই তেওঁৰ মি টু মুভমেন্টৰ কথা উল্লেখ কৰি কয়, ‘‘নানা পাটেকাৰ আৰু বিবেক অগ্নিহোত্ৰীৰ দৰে লোকে মোৰ কেৰিয়াৰ ধ্বংস কৰিছে।’’
কেৰিয়াৰ নষ্ট কৰাৰ অভিযোগ