চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ:১৯ ছেপ্টেম্বৰত তামিল অভিনেতা তথা সংগীত সুৰকাৰ বিজয় এণ্টনীৰ কন্যা মীৰাই আত্মহনন কৰিছিল ৷ মৃত্যুৰ সময়ত মীৰাৰ বয়স আছিল মাত্ৰ ১৬ বছৰ ৷ ইমান কম বয়সত মীৰাই কিয় ইমান ডাঙৰ পদক্ষেপ ল’লে সেয়া এতিয়ালৈকে প্ৰকাশ হোৱা নাই । কন্যাৰ মৃত্যুৰ পিচত এতিয়া প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজয় এণ্টনীয়ে । ২১ ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়াত কন্যাক লৈ এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে ।
নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত তামিল ভাষাত এটা পোষ্ট দি বিজয়ে নিজৰ কন্যাক হেৰুৱাৰ শোক প্ৰকাশ কৰে । পোষ্টটো শ্বেয়াৰ কৰি তামিল অভিনেতাগৰাকীয়ে কেপচনত লিখিছে ‘‘তুমি আমাৰ এটা অংগ, তোমাৰ হৃদয় শক্তিশালী আৰু আমি তোমাৰ দুখ বুজিব পাৰো, তোমাক সদায় ভাল পাওঁ ।’’
বিজয় এণ্টনীয়ে পোষ্টটোত লগতে লিখিছে ‘‘মোৰ ছোৱালী মীৰা এগৰাকী মৰম লগা আৰু সাহসী ছোৱালী আছিল । মোৰ কন্যা এতিয়া এনে এখন উন্নত আৰু শান্তিপূৰ্ণ ঠাইত আছে য’ত জাতি, ধৰ্ম, ধন, ঈৰ্ষা, যন্ত্ৰণা, দৰিদ্ৰতা আৰু শত্ৰুতা নাই । মোৰ কন্যাই এতিয়াও মোৰ লগত কথা পাতি আছে । মই তাইৰ লগত মৰি গৈছো । এতিয়া মই তাইৰ বাবে সময় কটাবলৈ আৰম্ভ কৰিছোঁ । এতিয়া মই তাইৰ হৈ ভাল কাম কৰিম ।’’