চিটাৰা ডেস্ক, 3 মে’: ইহলীলা সম্বৰণ কৰিলে প্ৰবীণ তামিল অভিনেতা-পৰিচালক মনোবালাই ৷ মনোবালাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দক্ষিণ চলচ্চিত্ৰ উদ্যোগ ৷ ছুপাৰষ্টাৰ ৰজনীকান্তকে ধৰি বিভিন্ন চলচ্চিত্ৰ ব্যক্তিয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে । জানিব পৰা মতে, বহুদিনৰ পৰা ৬৯ বছৰীয়া প্ৰবীণ অভিনেতাগৰাকীক চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি হৈ আছিল । জানুৱাৰী মাহত অভিনেতাগৰাকীৰ এঞ্জিও চিকিৎসা কৰা হৈছিল আৰু যকৃতৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল (Manobala passes away) ।
মনোবালাই (৬৯) পৰিচালক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ ৰজনীকান্ত, বিজয়কান্ত, সত্যৰাজকে ধৰি শীৰ্ষ তাৰকাৰ সৈতে ছবি নিৰ্মাণ কৰিছিল মনোবালাই (Tamil actor director Manobala passes away)। শেহতীয়াকৈ তেওঁ অভিনয়ৰ ক্ষেত্ৰখনত আগবাঢ়িছিল আৰু নিজকে কমিক চৰিত্ৰত অভিনয় কৰি এগৰাকী কৌতুক অভিনেতা হিচাপেও পৰিচয় লাভ কৰে ৷ বিজয় আৰু ধনুষকে ধৰি শীৰ্ষ অভিনেতাৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে । তেওঁ দুখনমান ছবিও নিৰ্মাণ কৰিছে (Manobala passes away)।
এটা টুইটযোগে ৰজনীকান্তে তেওঁৰ “প্ৰিয় বন্ধু”ৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । ৰজনীকান্তে লিখিছে "Shocking & it's unbelievable such a sweet person & a good friend #Manobala sir ৰ মৃত্যু। পৰিয়াললৈ আন্তৰিক সমবেদনা। তেওঁৰ আত্মাই শান্তি লাভ কৰক।"