অসম

assam

ETV Bharat / entertainment

Tamannaah Bhatia on dating Vijay Varma: বিজয় বাৰ্মাৰ সৈতে নিজৰ সম্পৰ্ক নিশ্চিত কৰিলে নেকি তামান্না ভাটিয়াই ? - তামান্না ভাটিয়া আৰু বিজয় ভাৰ্মা

তামান্না ভাটিয়া আৰু বিজয় ভাৰ্মাৰ প্ৰেমৰ খবৰ বহুদিনৰে পৰা চৰ্চিত হৈ আছিল । যদিও দুয়োৰে কোনেও এই সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাছিল ৷ কিন্তু এতিয়াও তামান্নাই ডেটিঙৰ খবৰক লৈ প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Tamannaah Bhatia on dating Vijay Varma: 'Can't get attracted to someone just because...'
তামান্নাই বিজয়ৰ সৈতে সম্পৰ্ক নিশ্চিত কৰিছে

By

Published : Jun 13, 2023, 1:00 PM IST

চিটাৰা ডেস্ক, 13 জুন: অভিনেত্ৰী তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাৰ ডেটিঙৰ খবৰে বহু দিনৰে পৰা দখল কৰি আহিছিল সংবাদ মাধ্যমৰ শিৰোনাম ৷ সামাজিক মাধ্যমতো দুয়োৰে সম্পৰ্কৰ বিষয়ে ব্যাপক চৰ্চা চলিছিল ৷ এতিয়া ডেটিঙৰ খবৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোদ তামান্না ভাটিয়াই । তামান্না আৰু বিজয় বাৰ্মাৰ অনুৰাগীসকলে জানি আনন্দিত হ’ব যে দুয়োগৰাকী তাৰকাৰ মাজত সম্পৰ্ক আছে আৰু এই কথা নিশ্চিত কৰিছে স্বয়ং তামান্নাই।

শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত তামান্না ভাটিয়াই সকলো খবৰক শুদ্ধ বুলি অভিহিত কৰি কয় যে বিজয় সেইজন ব্যক্তি যাক মই বহুত গুৰুত্ব দিওঁ আৰু তেওঁ মোৰ সুখৰ উৎস । লগতে অভিনেত্ৰীগৰাকীয় স্বীকাৰ কৰে যে লাষ্ট ষ্ট’ৰীজ ২ ৰ শ্বুটিঙৰ সময়ত দুয়োগৰাকী ওচৰ চাপিছিল।

বিজয়ৰ কথা কওঁতে তামান্নাই কয়, “মই নাভাবো যে সহ-অভিনেতা হোৱাৰ বাবেই আপুনি কাৰোবাৰ প্ৰতি আকৰ্ষিত হয় । মোৰ বহু সহ অভিনেতা আছে। মই ভাবো যেতিয়া কাৰোবাৰ কাৰোবাৰ প্ৰতি প্ৰৱণতা থাকে, কাৰোবাৰ প্ৰতি কিবা এটা অনুভৱ কৰে, সেয়া অতি ব্যক্তিগত। তেওঁ জীৱিকাৰ বাবে যি কৰে তাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই, মানে যি হৈছে ইয়াৰ আঁৰত সহ অভিনেতা হোৱাৰ কোনো কাৰণ নাই ৷

এইজনেই মই বিচাৰি থকা মানুহজন - তামান্না

তামান্নাই লগতে বিজয়ৰ বিষয়ে বহু কথা উল্লেখ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে কয়, এইজনেই মই বিচাৰি থকা মানুহজন । তেওঁৱেই সেইজন যাৰ লগত মোৰ সংগ একেবাৰে মৌলিক । এই সময়ত তামান্নাই কয় যে যেতিয়া কামবোৰ অতি সহজ হয় তেতিয়া আপুনি বেছি কাম কৰাৰ প্ৰয়োজন নাই কাৰণ মই অনুভৱ কৰোঁ যে ভাৰতৰ মহিলাসকলে কোনো বিশেষ ব্যক্তিৰ বাবে গোটেই জীৱনটো সলনি কৰিব লগা হয় ।

তামান্নাই লগতে কয় - ‘‘যদি আপুনি এজন সংগী বিচাৰে তেন্তে আপুনি ঘূৰি ফুৰিব লাগে আৰু সেই ব্যক্তিজনক বুজিবলৈ বহু চেষ্টা কৰিব লাগিব, কিন্তু মই ভাবিছো যে মই নিজৰ বাবে এখন পৃথিৱী সৃষ্টি কৰিছো আৰু ইয়াত এজন মানুহ আছে যিয়ে সেই পৃথিৱীখন সঁচাকৈয়ে বুজি পায় । মোৰ একো নকৰাকৈ বুজি পায় । মই বহুত যত্ন লোৱা মানুহজনেই হৈছে তেওঁ ৷ হয়, তেওঁ মোৰ সুখৰ উৎস।’’

তেওঁলোকৰ প্ৰেমৰ খবৰ কেতিয়া চৰ্চাত আহিছিল

উল্লেখ্য যে তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাৰ ডেটিঙৰ খবৰটো প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহিছিল যেতিয়া দুয়োৰে এটা ভিডিঅ’ ওলাইছিল, য’ত কোৱা হৈছিল যে দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীক চুমা খোৱা দেখা গৈছিল । এই ভিডিঅ’টো গোৱাত নতুন বছৰৰ পাৰ্টি উদযাপনৰ সময়ৰ ৷ যিটো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছিল ৷ ইয়াৰ পিচত দুয়োগৰাকী বহুবাৰ একেলগে দেখা গৈছিল যদিও নিজৰ সম্পৰ্কৰ বিষয়ে কেতিয়াও মন্তব্য কৰা নাছিল দুয়ো ৷ দুয়োগৰাকীয়ে একেলগে নেটফ্লিক্সৰ ধাৰাবাহিক Lust Stories 2 ত অভিনয় কৰিছে।

লগতে পঢ়ক:Tamannaah Vijay Valentine's Day: ভেলেণ্টাইন ডে’ত তামান্না ভাটিয়াৰ সৈতে সম্পৰ্ক ৰাজহুৱা কৰিলে বিজয় বৰ্মাই

ABOUT THE AUTHOR

...view details